অসমনিবন্ধযুৱশীৰ্ষ

ৰাইজৰ সখা

ৰণেন কুমাৰ গোস্বামী

পুৰণি বেমাৰটোৱে পুনৰ উক দিছে । টোকাৰী গীতৰ আশঙ্কাই সঁচা, ‘মনকে লাৰিবা, মনকে চাৰিবা, মনকে নিদিবা লাই ; / পাপিষ্ঠ মনকে বান্ধিবা নৰিলোঁ, পঘা ছিঙি ঘাঁহ খায়’। মোৰ মনটোৱেও সকলো শাসনৰ পঘা ছিঙি এতিয়া সাধু বলকিব খুজিছে । সাধুও সাধু এনে সাধু যি সত্যৰ পৰা সাত যোজন দূৰত । তেনেই অবিশ্বাস্য । শ শ বছৰৰ অতীত, ৰজাৰ কাহিনী, ৰজাদিনীয়া কাহিনী; কিন্তু এই বুঢ়াৰ লাগ-বান্ধ নোহোৱা চিন্তাৰ বিষম পৰিণতিত বৰ্তমানৰ ক’ৰ্ট-কাছাৰীয়েও গৈ তাত নিজৰ বাবে ঠাই এডুখৰি উলিয়াই লৈছে, অবাধে । তাতোকৈ বিশ্বাসৰ অযোগ্য হ’ল ৰাইজমেল বোৰ যিবোৰৰ মিল আছে আজিৰ দিনৰ নিৰ্বাচনবোৰৰ লগত । ভালকৈয়ে জানে এই বুঢ়াই যে মনৰ সবাতোকৈ সৰু চুকটোতো ঠাই পোৱাৰ যোগ্য নহয় এই সাধু । ই হ’ব ‘বুঢ়া আতাৰ সাধু ( সাত )। নাম, ‘ৰাইজৰ সখা’। এতিয়া শুনক অপইতা সাধুটো যদিহে আপোনাৰ ধৈৰ্য থাকে ।

প্ৰফুল্লবদন মৌকোঁহৰ ৰাজত্বকালত প্ৰাণপ্ৰদীপ আমগুৰিও মন্ত্ৰী আছিল । ৰজাই বাহন হিচাবে ব্যৱহাৰ কৰা হাতী, ঘোঁৰা, ৰথ, দোলা আদি সকলোবোৰ চোৱাচিতা কৰাৰ ভাৰ আছিল তেওঁৰ ওপৰত । হাতলৈ ধন-বিতো আহিছিল ভালেখিনি । সেই সময়ছোৱাত অসম মুলুকক এটা সমস্যাই খুলি খুলি খাইছিল । সি আছিল দাঁতি-কাষৰীয়া দেশ এখনৰ পৰা অহা মানুহৰ বাধাহীন সোঁত । বিদেশীবোৰক খেদাই পঠিওৱাত বাধা দিছিল সম্ৰাজ্ঞী ইন্দুমতী গান্ধাৰীয়ে জাৰি কৰা এখন আইনে, নাম বিদেশী বিচাৰ আইন । ইন্দুমতীৰ পিছত সম্ৰাট হ’ল তেওঁৰ পুত্ৰ ৰাজবীৰ গান্ধাৰ । কিন্তু আইনখন নগ’ল, থাকিয়ে গ’ল । তাৰ পিছত ভাৰতবৰিষৰ সিংহাসনত ইজনৰ পিছত সিজনকৈ বহিল কেবাগৰাকীও সম্ৰাট । আইনখন থাকিয়ে গ’ল ।বিদেশীৰ ভয় ৰাইজৰ মনত বেছিকৈয়ে সোমাল । উপায়হীন হৈ ৰজা প্ৰফুল্লবদন মৌকোঁহে এদিন প্ৰাণপ্ৰদীপ আমগুৰিক মাতি আনি ক’লে, ‘কিবা এটা কৰা । মন্ত্ৰীও নহয়, ৰাজবিষয়াও নহয়, এনে এজন লোক বিচাৰা যি ভাৰতবৰিষৰ সৰ্বোচ্চ বিচাৰ সভাত আইনখনৰ বিৰুদ্ধে গোচৰ এটা তৰিব পাৰে । আমাৰ ফৈদৰ লোকো যদি কেনেবাকৈ হয়, চাবা যাতে গোচৰটো তৰোঁতে তেওঁ ফৈদৰ নামটো নলয়’ ।

তাৰ পিচত কিনো হ’ল, তেতিয়াৰ পৰা প্ৰায় দেড়টা দশক পাৰ হোৱাৰ পিচত আজি মনত তাকে পাগুলিয়াব ধৰিছে প্ৰাণপ্ৰদীপ আমগুৰিয়ে, ‘আই সৰেচতী ৰং ফুল মালতী/ তোমালৈ মানি যাওঁ চাউল,// পাহৰা নামকে সোঁৱৰণ কৰিবা/ ভাঙিবা এৰিয়াৰ আউল’ ।// আউল ভাগক বা নাভাগক, আমগুৰিয়ে তাৰ পিচৰ কথাখিনি সুঁৱৰিব ধৰিলে । মনত পেলালে সৰ্বসুখ সিংহই ৰাজপাটত বহাৰ আগৰ কথাখিনি । সেইখিনি সময়তে সৰ্বসুখে প্ৰফুল্লবদনৰ ‘অসম আপোন ফৈদ’ত সোমাইছিলহি । তাৰো আগতে তেওঁ আছিল ছাতৰসকলৰ মেল এখনৰ গুৰিয়াল । নাম ‘অসম ছাতৰ মেল’ । গোটেই মুলুকৰে ৰাইজখনক বিদেশীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ এই ছাতৰৰ মেলে কাকূতিও কৰিছিল, একগোটো কৰিছিল । সৰ্বসুখে ছাতৰ জীৱন সাং কৰি ‘অসম আপোন ফৈদ’ত যোগ দিলে । ৰজা প্ৰফুল্লবদনে প্ৰাণপ্ৰদীপ আমগুৰিক কোৱা কথাখিনি জানিব পাৰি সৰ্বসুখ আহি এদিন আমগুৰিৰ ওচৰ পালেহি, ক’লে, ‘মই ইন্দ্ৰপ্ৰস্থলৈ গৈয়ে থাকোঁ, ভাল ভাল মেলুৱৈৰ লগতো মোৰ চিনাকী । মোৰ নামতে তৰক গোচৰটো । ধনতো আপুনি দিবই’ । প্ৰাণপ্ৰদীপ মান্তি হ’ল, ৰজা প্ৰফুল্লবদনোৰো অনুমতি পালে । ধন তেওঁলোকৰ, গোচৰটোও তৰিব খুজিছে তেওঁলোকে, লাগিলে সৰ্বসুখৰ নামতেই হওক, জিনিলে খিয়াতিও সৰ্বসুখৰে হওক, কিনো আহে যায় ? ভবা মতে কাম । ভাৰতবৰিষৰ সৰ্বোচ্চ ন্যায়সভাত সৰ্বসুখে গোচৰ তৰিলে বিদেশী বিচাৰ আইনখনৰ বিপক্ষে । তেওঁ মেলুৱৈ হিচাবে ল’লে, কেউফালে খিয়াতি বিয়পি পৰা অশোকবন দেশবন্ধুক । যিমান তেওঁৰ যশ, ধনো লয় সিমান । প্ৰাণপ্ৰদীপে লাখ লাখকৈ স্বৰ্ণমুদ্ৰা পঠিয়াব ধৰিলে দেশবন্ধুলৈ সৰ্বসুখৰ যোগেদি । হিচাপ কৰি চাই এদিন দেখিলে যে অশোকবন দেশবন্ধুক দিবলৈ সৰ্বসুখৰ হাতত এতিয়ালৈ দিলে ৪০ (চল্লিছ) লাখ স্বৰ্ণমুদ্ৰা । অলপ টান পৰিছে, তথাপি কোনো খেদ নাই, গোচৰটো ৰজিলেই হ’ল আৰু । এনেবোৰ কথা গুণা-গঁথা কৰাৰ মাজতেই প্ৰাণপ্ৰদীপ আমগুৰি এবাৰ যাবলগীয়া হ’ল ইন্দ্ৰপ্ৰস্থলৈ । ভাবিলে, এবাৰ মেলুৱৈ অশোকবন দেশবন্ধুক লগ ধৰি আহোঁগৈ, কৈও আহোঁ ধন-বিত যি লাগে আগবঢ়াম, মাথোঁ গোচৰটো ৰজিব লাগে, আইনখন যাব লাগে । গ’লো তেওঁ, লগো পালে অশোকবন্ধুক, ক’লেও মনৰ কথাখিনি । অশোকবন্ধুৰ উত্তৰটো শুনি প্ৰাণপ্ৰদীপৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে । কি ক’লে বাৰু অশোকবন্ধুৱে ? মেলুৱৈজনে ক’লে, ‘চাওক, এইটো ৰাইজখনৰ মঙ্গলৰ বাবে তৰা গোচৰ, মোক অকণো ধন নালাগে । এতিয়ালৈ লোৱা নাই, পিচতো নলওঁ । গোচৰটো ৰজিলে এটা স্বৰ্ণমুদ্ৰা মাথোঁ ল’ব পাৰোঁ এটা চিন হিচাবে’ ।

তাৰ মানে ? বুজি পালে প্ৰাণপ্ৰদীপে চল্লিছ লাখ স্বৰ্ণমুদ্ৰা সৰ্বসুখৰ মোনাত সোমাল । কিছুদিন পিচত ন্যায়সভাত গোচৰটো ৰজিল । বিদেশী বিচাৰ আইনখন উফৰি গ’ল । ইমূৰৰ পৰা সিমূৰলৈ অসম মুলকত আনন্দৰ ঢউ উঠিল । আইনখনৰ শৰাধ পতাৰ বাবে একাণপতীয়াকৈ লাগি আছিল ছাতৰৰ মেলখন । তেওঁলোকে সৰ্বসুখক এটা উপাধি দিলে, ‘ৰাইজৰ সখা’ । তেতিয়াৰে পৰা গোটেই মুলুকতে সৰ্বসুখক সেই নামেৰেই জনা হ’ল ৰাইজে । কাকো একো ক’ব নোৱাৰি, মনৰ ভিতৰতে গুজৰি-গুমৰি প্ৰাণপ্ৰদীপে আওৰালে, ‘আই গৈছিল নামঘৰলৈ মই গৈছিলো খঁকত,/ মাহ-চাউল খাই মই হৈ গলোঁ ভকত’ ।

‘ৰাইজৰ সখা’ নাম পোৱাৰ কিছুদিন পিচতেই সৰ্বসুখ গ’লগৈ ধৰ্মবীৰ ফৈদলৈ । ‘ৰাইজৰ সখা’ হোৱাৰ গুণে ৰাজপাটলৈ যোৱা বাটটো তেওঁৰ বাবে উজু হৈ পৰিল । সম্ৰাট নৰোত্তমেও অসমৰ ৰাজপাটখন তেওঁকে দিব খুজি ৰাইজমেল বোৰত ক’বলৈ ধৰিলে, ‘সবাৰো সুখ, সৰ্বসুখ’ । এনে বাণীয়ে ৰাইজখনক মুহি পেলালে । ঢোলে-ডগৰে সৰ্বসুখ সিংহ ৰাজপাটত বহিল । আৰু বহিয়ে গোটেই মুলুকতে ডবা বজাই বজাই জাননী দিলে, ‘ৰাজবিষয়া সকল নিকা হ’বই লাগিব ; নিকা নহ’লে নিস্তাৰ নাই’ । জাননীটো প্ৰাণপ্ৰদীপেও শুনা পালে । এনে লাগিল যেন কাণত তেওঁৰ কোনোবাই গৰম লোৰ শলা এডালহে ভৰাই দিলে । আমাৰ সাধুটো ইমানতে শেষ । বেজবৰুৱাক নকল কৰি কওঁ, ‘ছালত পৰিল ফেঁচা, / মোৰ সাধুকথা মিছা’।

মিছা সাধুটো সাং কৰি মই বুঢ়াই ক’ব নোৱৰাকৈয়ে ফটা মাতটোৰে গুণগুণাব ধৰিলোঁ, ‘এইটি বা কোন ওলালে/ সিংহ কেনি লুকালে/ নেগুৰ কটা শিয়াল আজি ৰাজসভালৈ যায় ।// পপীয়া তৰা ওলালে/ সুৰুয কেনি লুকালে/ তপস্বী বিড়াল আজি নামঘৰলৈ যায়’ । //

(ৰণেন কুমাৰ গোস্বামীৰ ফেচবুক পষ্টৰ পৰা)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close