অসমশীৰ্ষ

ৰাভা হাছং পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোনোৱাল

বৃহত্তৰ অসমীয়া জাতিক কেতিয়াও বিপন্ন হবলৈ নিদিওঁ। অসমক সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব চৰকাৰৰ-সোনোৱাল

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবোশ চন্দ্ৰ ভাগৱতী,১৩ ফেব্ৰুৱাৰী :- বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতি, জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ, কৃষি বিপ্লবৰ সুচনা কৰা ৰাভা হাছং আজি শক্তিশালী পৰিষদ। বিভিন্ন জাতি জনগোষ্ঠীৰে সমন্বয়ৰ সাঁকো গঢ়া ৰাভা হাছং পৰিষদে শক্তিশালী অসম গঢ়াত মুখ্য ভুমিকা গ্ৰহণ কৰিছে-এইদৰে মন্তব্য কৰে ৰাভা হাছং পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। তেওঁ পুনৰ কয় যে-বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত অসমীয়া জাতি সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব চৰকাৰৰ। এইখন চৰকাৰ থকালৈকে বৃহত্তৰ অসমীয়া জাতি কেতিয়াও বিপন্ন নহয়। ৰাভা হাছং পৰিষদীয় এলেকাত থকা কৃষক সকলৰ সুবিধা হোৱাকৈ দুধনৈত এখন কৃষি বিশ্ববিদ্যালয় চৌহদ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে। শপত গ্ৰহণ অনুষ্ঠানতে গোৱালপাৰা জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সৌজন্যত মুখ্যমন্ত্ৰীৰ কৃষি সজুঁলি যোজনাৰ শুভাৰম্ভ কৰাৰ লগতে দহ গৰাকী নিৰ্বাচিত কৃষকক পাঁচ হেজাৰ টকাকৈ এককালীন সাহাৰ্য আগবঢ়ায়। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয় বাৰৰ বাবে ৰাভা হাছং পৰিষদ দখল কৰা যৌথ সংগ্ৰাম সমিতিৰ সদস্য সকল আৰু বিজেপি, এজিপি আৰু কংগ্ৰেছ দলৰ এগৰাকীকৈ সদস্যই আজি দুধনৈ ৰাজহুৱা খেলপথাৰত বিশ হেজাৰোধিক ৰাইজৰ উপস্থিতিত ৰাজহুৱা ভাবে শপত গ্ৰহণ কৰে । শপত গ্ৰহণ অনুষ্ঠানৰ আগমুহুৰ্তত ৰাভা হাছঙত সমন্বয়ৰ বাৰ্তা বহন কৰা এটি সমবেত সংগীত পৰিবেশনৰ লগতে বড়ো আৰু ৰাভা নৃত্য প্ৰদৰ্শন কৰে স্থানীয় শিল্পী সকলে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নৃপেন খান্দাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ পাঠ কৰে পৰিষদৰ সচিব জুৰি গগৈয়ে। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিত্ত আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নামনি অসমৰ আয়ুক্ত নিতিন কুমাৰ শিৱদাস, স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভা বিভিন্ন ছাত্ৰ আৰু দল- সংগঠনৰ বিষয়ববীয়াক জিলা প্ৰশাসন আৰু পৰিষদৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাপি, শৰাই আৰু ফুলাম গামোছাৰে, উস্ম আদৰণি জনায়। ইয়াৰ পিচতে ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভা, অধ্যক্ষ চাৰুমোহন ৰাভা সহিতে ২৪ গৰাকী সদস্যক ৰাভা ভাষাত, ছয়গৰাকী সদস্যক অসমীয়া ভাষাত, তিনিগৰাকী সদস্যক ইংৰাজী ভাষাত আৰু এগৰাকী সদস্যক বড়ো ভাষাত শপতবাক্য পাঠ কৰোৱাই নামনি অসমৰ আয়ুক্ত নিতিন কুমাৰ শিৱদাস খাৰ্গেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা বিত্ত আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং পৰিষদ খনে পৰিষদীয় এলেকাৰ ৰাইজৰ অভাব অভিযোগক গুৰুত্ব প্ৰদান কৰাত পৰিষদ খনে এক নতুন মাত্ৰা লাভ কৰিছে বুলি কোৱাৰ লগতে ভবিষ্যতে পৰিষদক সকলো দিশতে সহায় সহযোগিতা আগবঢ়াব বুলি কয়। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিল-২০১৬ ৰাজ্য সভাত উথ্থাপন নোহোৱাটো অসমবাসীৰ পৰাজয় বুলি কয়। আনহাতে ড’ শৰ্মাই কয় যে ২০১৬ চনত গঠন হোৱা বিজেপি চৰকাৰ খনে জাতি মাটি ভেটিৰ শ্লোগানেৰে সদায় বৃহৎ অসমীয়া জাতি গঠনৰ বাবে কাম কৰি যাব। তেওঁ পুনৰ কয় যে জনজাতীয় সমাজখনক বাদ দি কেতিয়াও সুৰক্ষিত অসম গঢ়িব নোৱাৰি। জনজাতীয় সমাজ খনৰ আবেগ অনুভুতিক ধৰি ৰাখিব পাৰিলেহে অসম সুৰক্ষিত হব। ৰাভা হাছঙৰ সৰ্বাংগীণ উন্নয়নৰ বাবে এই চৰকাৰ খনে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিব বুলি কয়। আনহাতে এই অনুষ্ঠানত ৰাভা হাছং চিফ টংক্শ্বৰ ৰাভাই তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে- ৰাভা হাছং বাসী শান্তিপ্ৰিয়। বিগত সময়ছোৱাত পৰিষদৰ কামকাজৰ প্ৰতি আস্থা আৰু বিশ্বাস থকা বাবেই ৭৫ শতাংশ ভোট লাভ কৰি পৰিষদ দখল কৰিবলৈ সমৰ্থ হৈছে। তেওঁ চৰকাৰ খনলৈ ৰাভা হাছঙক ভৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰয়োজনীয় কামখিনি কৰিবলৈ আহ্বান জনায়। শপত গ্ৰহণ অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া বৰ্গ বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Close