অসম

ৰূপাই জাতীয় বিদ্যালয়তো ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উদযাপন

ডুমডুমা ,২৮ ফেব্ৰুৱাৰী :- সমগ্ৰ দেশৰ লগতে ৰূপাই জাতীয় বিদ্যালয়তো ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উদযাপন কৰা কৰে।অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ৪৮টা গছপুলি আৰু ৫৮ টা বিজ্ঞানৰ মডেল প্ৰদৰ্শন কৰা হয়।ইয়াৰ পাছতে বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি এখনি সভাৰো আয়োজন কৰা হয়।সভাৰ আৰম্ভণিতে বিজ্ঞান-জগতত ‘ৰমণ ইফেক্ট’ৰ আৱিস্কাৰেৰে চমক সৃষ্টি কৰা বিজ্ঞানী চি.ভি.ৰমণৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়।বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি তথা বিশিষ্ট লেখক শৰৎ চন্দ্ৰ চিৰিং ফুকনদেৱে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ হিজ্ঞান শিক্ষয়িত্ৰী চিন্ময়ী বৰুৱাই। বিজ্ঞান দিৱস সম্পৰ্কত বক্তব্য প্ৰদান কৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ডাঙৰী উ:মা:বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শ্ৰী মানস চৌধুৰীয়ে।লগতে চি.ভি.ৰমণ,ৰমন ইফেক্ট আৰু বিজ্ঞান জগতত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বক্তব্য প্ৰদান কৰে শৰৎ চন্দ্ৰ চিৰিং ফুকন আৰু শিক্ষক পলাশজ্যোতি গগৈয়ে।ইয়াৰ পাছতে আজিৰ সভাত গছ পুলি আৰু মডেল প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়।গছপুলি প্ৰদৰ্শন প্ৰতিযোগিতাৰ বিজয়ীসকল হৈছে ক্ৰমে প্ৰথম সুৱাসিতা দত্ত(৪ৰ্থ শ্ৰেণী),দ্বিতীয় গাৰ্গীপ্ৰিয়ম বৰুৱা আৰু সোণমণি কোঁৱৰ(৪ৰ্থ শ্ৰেণী) আৰু তৃতীয় অনিমেষ সোনোৱাল(৪ৰ্থ শ্ৰেণী)।সেইদৰে ‘ক’ শাখাৰ মডেল প্ৰদৰ্শন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ভাৰত সিং নেওগ আৰু যুগৰাজ সিং নেওগ (৬ষ্ঠ শ্ৰেণী),দ্বিতীয় পুৰস্কাৰ প্ৰজ্ঞান হাতীবৰুৱা আৰু বাস্তৱ সেন নেওগ(৬ষ্ঠ শ্ৰেণী) আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয় মৌচুম বৰুৱা আৰু আয়ুষ্মাণ চুতীয়াক প্ৰদান কৰে । ‘খ’ শাখাৰ মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কৃতিষা নন্দিনী সন্দিকৈ আৰু নিকিতা বৰুৱা(৮ম শ্ৰেণী),দ্বিতীয় স্হান লাভ কৰে সৌৰভজ্যোতি দাস,তুষাৰ ভৌমিক আৰু জ্ঞানদীপ হাতীবৰুৱাই(১০ ম শ্ৰেণী)তথা তৃতীয় পুৰস্কাৰ লাভ কৰে কৃষ্ণামণি মৰাণে(৯ম শ্ৰেণী) য়ে৷

Related Articles

Leave a Reply

Close