অসমশীৰ্ষৰাষ্ট্ৰীয়

AIADMKৰ সৈতে বিজেপিৰ মিত্ৰতা, অগপৰে BJPৰ মিত্ৰতা কেতিয়া?

অগপৰে BJPৰ মিত্ৰতাৰ মধ্যস্থতাকাৰী কনৰাড চাংমা!

প্ৰথম খবৰ ব্যুৰ’-
আগন্তুক লোকসভা নিৰ্বাচনক লৈ তামিলনাডুত AIADMKৰ সৈতে বিজেপিৰ মিত্ৰতা চুড়ান্ত হ’ল। ৩৯ খন লোকসভাৰ আসন থকা তামিলনাডুত ২৭ খন AIADMK, বিজেপিয়ে ৫ খন প্ৰতিদ্বন্দিতা আগবঢ়াব। আনহাতে, ৭ খন আসন এৰি দিয়া হৈছে অন্য মিত্ৰ পিএমকে। উল্লেখ্য যে, বিজেপিৰে এই মিত্ৰতাৰ বাবদ ৰাজ্যখনৰ ২১ খন বিধানসভাৰ উপ নিৰ্বাচনত বিজেপিয়ে AIADMKৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব। বিগত লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ৩৯ খন আসনৰ ৩৭ খনেই লাভ কৰিছিল AIADMK দলে। মঙলবাৰে AIADMKৰ সৈতে বিজেপিৰ মিত্ৰতাৰ কথা আনুষ্ঠানিক কৰে তামিলনাডুৰ উপ মুখ্যমন্ত্ৰী অ পনিৰছেলভমে। সংবাদমেলত উপস্থিত থাকে দুই দলৰ মিত্ৰতাৰ মধ্যস্থতাকাৰী কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলো। লক্ষণীয় কথা এয়াই যে, সোমবাৰৰ দিনটোত বিজেপি দলে মহাৰাষ্ট্ৰত ইতিমধ্যে মিত্ৰতা কৰিছে শিৱসেনাৰ সৈতেও। মহাৰাষ্ট্ৰত বিজেপিয়ে ২৫ আৰু শিৱসেনাই ২৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। কিন্তু প্ৰশ্ন উঠে- অসমত বিগত বিধানসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা কৰা বিজেপিয়ে মিত্ৰতা কৰিবনে নাই? এই পৰ্যন্ত অগপ নেতৃত্বৰ দাবী- মিত্ৰতাৰ বাবে প্ৰস্তাৱ দি আছে বিজেপিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক ৰাম মাধৱে। কিন্তু ৰাজ্যিক বিজেপিয়ে মিত্ৰতাৰ সম্ভাৱনা অস্বীকাৰ কৰিলেও অগপই এই মূহূৰ্তলৈকে ১৪ টা সমষ্টিত লোকসভা নিৰ্বাচন খেলিব পৰাকৈ কোনো চকুতলগা তত্পৰতা আৰম্ভ কৰা নাই। আনকি, দলীয় প্ৰাৰ্থীৰে মনোনয়ন বিচৰা নাই। এনে অৱস্থাত অগপই ভিতৰি বিজেপিৰ মিত্ৰতাৰ প্ৰস্তাৱৰ বাবেই অপেক্ষা কৰি আছে নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপৰ তিনি মন্ত্ৰীয়ে মন্ত্ৰিত্ব এৰিলেও মুখ্যমন্ত্ৰী সোণোৱালে পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰা নাই। এনে অৱস্থাত মঙলবাৰে মিত্ৰতাক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ জৰিয়তে অগপৰে কথা পতাৰ ইংগিত দিছে প্রভাৱশালী বিজেপি নেতা তথা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। বিগত বিধানসভা নিৰ্বাচনতো অগপৰে বিজেপিৰ মিত্ৰতাৰ মূল মানুহজনেই আছিল ডঃ শৰ্মা। এনে অৱস্থাত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বইও বিচাৰে অগপৰ দৰে আঞ্চলিক দলৰ সৈতে মিত্ৰতা বাহাল থকাটো। শেষ মূহূৰ্তত অলপ এৰা ধৰাৰ মাজেৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰণাতেই অগপ নেতৃত্বই মিত্ৰতাৰ বাবে হা কৈ যে নিদিব তাৰ গেৰাণ্টি ল’ব নোৱাৰি। কাৰণ, বিগত পঞ্চায়ত নিৰ্বাচনৰ পিছৰে পৰাই মন্ত্ৰী ডঃ শৰ্মাই কোনো নেতিবাচক কথা কোৱা নাই অগপৰ বিৰুদ্ধে।
ফটো সৌজন্য-ANI

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close