যুৱশীৰ্ষসাহিত্য

মুক্তি বিচাৰি

মানুহৰ অমূল্য সম্পদ হৈছে সন্মান। প্ৰতিটো কামত নিয়োজিত প্ৰতিজন লোকক সন্মান কৰা আৰু দিয়া মানসিকতা গঢ়ি তুলিলে সমাজৰ প্ৰতিজন লোকেই চহকী হৈ পৰিব আৰু আমাৰ জাতিটোৰ বহু সমস্যা নিজেই আঁতৰ হ’ব।

প্ৰদীপ গগৈ|

আমি জানোঁ, কামেহে জীৱন অৰ্থপূৰ্ণ আৰু উপভোগ্য কৰি তোলে। আমাৰ জীৱনক সুৰক্ষা দিয়ে একমাত্ৰ কৰ্মইহে। তথাপি বহুতে লিখে বা কয়– নতুন প্ৰজন্ম কৰ্মহীন। কিন্তু মই কওঁ– নতুন প্ৰজন্ম কৰ্মৰ প্ৰতি আগ্ৰহী। নিৰন্তৰভাৱে নিৰলে বহুজনে নিজ কৰ্মত মনোনিৱেশ কৰি সমাজত সুকীয়া স্থান লাভ কৰিছে।

বাতৰি কাকতৰ ইতিবাচক পৃষ্ঠাবোৰ পঢ়িলেই জানিব পাৰি যে বহু যুৱকেই আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলি আছে। অধিকাংশ যুৱক কৃষি বৃত্তিৰ লগত জড়িত আৰু কিছুসংখ্যকে ব্যৱসায়ত মনোনিৱেশ কৰিছে। ইয়াতো নেতিবাচক কিছুমান দিশ দেখুৱাই একাংশই এইদৰে কয়– ‘আজিৰ প্ৰজন্মই চাকৰি নাপায়, কৰিব কি?’ এইবোৰ শুনি চিন্তা কৰোঁ ইমান নেতিবাচক চিন্তা কিয়? ইতিবাচক চিন্তাই এজন ব্যক্তিক যিমানখিনি শক্তি অৰ্জন কৰাত সহায় কৰে, নেতিবাচক চিন্তাই এই শক্তিবোৰৰ অপচয় কৰে। এই নেতিবাচক চিন্তাৰ পৰিৱেশৰ মাজেৰেই ইতিবাচক দিশেৰে আগবাঢ়িছে বহু নতুনে।

সৌ সিদিনা বাতৰি কাকতত (১ জানুৱাৰী, ২০১৯) পঢ়িবলৈ পোৱা মতে গোৱালপাৰাৰ কৃষক আবুল হুছেইন, আব্দুল ৰহিমে বাদাম খেতিৰে স্বাৱলম্বিতাৰ পথ মোকলাইছে। ইয়াৰ উপৰি তামুলপুৰৰ ৰাজু বড়ো আৰু সঞ্চিত বড়োৱে ক’লা ধানৰ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰায়স কৰিছে। দৰঙত ৩৫ জনীয়া যুৱকে একেলগে খেতি কৰিছে। যদি আমি কাকতৰ ইতিবাচক খবৰসমূহলৈ লক্ষ্য কৰোঁ, দেখিম যে বহু যুৱক-যুৱতী কৃষি ব্যৱসায়ত আত্মনিয়োগ কৰিছে। কিন্তু অসমৰ যুৱক যুৱতীসকলক অবাটে নিছে কোনে?

অসমত অসমৰ যুৱক যুৱতীয়ে ব্যৱসায়, খেতি কৰি অলপ আৰ্থিক দিশত টনকিয়াল হওঁ হওঁ হয়হে, তেনেতেই একাংশ চকুচৰহাৰ কু-দৃষ্টি পৰিবলৈ আৰম্ভ কৰে আৰু কোনোৱে সংগঠনৰ লেবেল লগাই ধন সংগ্ৰহত নামি পৰে। এই ধনেৰে একাংশই ৰাজপথত আন্দোলন কৰি জাতিৰ কথা কয় আৰু আদি বয়সত নতুন প্ৰজন্মক দোষ দিয়ে। নহ’লেনো সংগঠনত থাকি ইমান বিলাসী জীৱন অতিবাহিত কৰিব পাৰেনে? তেওঁলোকে জনা উচিত নতুন প্ৰজন্মক ধ্বংস কৰিছে কিছু সংগঠন, ৰাজনৈতিক নেতা আৰু বুদ্ধিজীৱীয়ে।

অসমত বহু সংগঠনৰ বহুজন নেতা আছে, কিন্তু এই নেতাসকলে নতুন প্ৰজন্মক সঠিক দিশ দেখুৱাব পৰা নাই; কাৰণ তেওঁলোকৰ নিজৰেই স্থিৰতা নাই। ৰাজনৈতিক নেতাসকলৰ অধিকাংশৰে কোনো নীতি নাই, তেওঁলোকৰ সৎ সাহস নাই।

আনক মাৰি ৰজা হোৱা মানুহে সৎ কাম কৰিবলৈ সাহস নকৰে। একাংশ বুদ্ধিজীৱী, যি নিৰাপদ স্থানত অৱস্থান কৰি আনক বুদ্ধি দি মাৰিব আৰু নিজেই অমৃত পান কৰিব। ইয়াৰ বিপৰীতে সমাজৰ প্ৰতিজন লোকেই সৎ কামেৰে উপাৰ্জন কৰা প্ৰত্যেকজনকে সন্মান দিবলৈ শিকক।

মানুহৰ অমূল্য সম্পদ হৈছে সন্মান। প্ৰতিটো কামত নিয়োজিত প্ৰতিজন লোকক সন্মান কৰা আৰু দিয়া মানসিকতা গঢ়ি তুলিলে সমাজৰ প্ৰতিজন লোকেই চহকী হৈ পৰিব আৰু আমাৰ জাতিটোৰ বহু সমস্যা নিজেই আঁতৰ হ’ব। অসমত এতিয়াও বহুজন অসমীয়া আছে যি অমসৰ অসমীয়া যুৱক-যুৱতীক শোষণ কৰিছে আৰু আনফালে ক’ৰবাত লিখিছে বা ভাষণ দিছে অসমীয়া যুৱক-যুৱতীসকল শোষণৰ পৰা মুক্ত হ’ব কেতিয়া?

কিমান দিনলৈ চলিব এই নাটকবোৰ। আজিৰ প্ৰজন্মই কথাবোৰ চিন্তা কৰা উচিত। কোনোবা ৰাজনৈতিক দলৰ বিধায়ক বা নেতা হোৱাটো সহজ, কিন্তু এজন আদৰ্শ কৃষক হ’বলৈ আজিৰ সময়ত কঠিন। সেয়ে কওঁ জাতি বাচি থাকিবলৈ ৰাজপথৰ আন্দোলন কৰিলেই নহ’ব, কৰ্ম আন্দোলনো কৰিব লাগিব। কৰ্ম আন্দোলন কৰিলেই নহ’ব চান্দা বিচৰা কাৰবাৰবোৰৰপৰা নতুন প্ৰজন্মক মুক্ত কৰিব লাগিব।

শেষত ৰামদাসে কোৱা কথাষাৰ সকলোৱে মনত ৰখা প্ৰয়োজন:
নিজকে বিলাসত উটাই নিদিবা
প্ৰয়াস কেতিয়াও পৰিহাৰ নকৰিবা।
আনন্দেৰে নিৰবিচ্ছিন্নভাৱে কাম কৰি যোৱা
সামগ্ৰিকতাৰ সন্ধান কৰা।
আনৰ ওপৰত নিৰ্ভৰ নকৰিবা
নিজৰ বোজাও আনৰ ওপৰত জাপি নিদিবা।

(লেখক নিয়মীয়া বাৰ্তাত কৰ্মৰত)
লেখকৰ ফোন নম্বৰ +91 848 699 5530

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close