অসমশীৰ্ষ

অগপৰে মিত্ৰতা অসম্ভৱ- মন্ত্ৰী হিমন্তই বিশ্ব শৰ্মাই কিয় ক’লে?

প্ৰথম খবৰ, গুৱাহাটী: বৈঠকৰ পিছত বৈঠক বহিছে অগপৰ৷ শনিবাৰে আমবাৰীৰ বৈঠকৰ পিছত অগপ নেতৃত্ব সোমবাৰে বহিল ফণীভূষণ চৌধুৰীৰ বাসগৃহত৷ কৰ্ণধাৰ পাতিও সিদ্ধান্ত ল’ব পৰা নাই অগপই৷ এই বৈঠকৰ পিছতে অগপ নেতৃত্বই কৈছে- দহটা সমষ্টিত প্ৰাৰ্থিত্বক লৈহে আলোচনা চলিছে৷ আনপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সুকীয়া বাৰ্তালাপত সাংবাদিকক ক’লে- অগপৰে মিত্ৰতা এতিয়া অসম্ভৱ৷ অগপই বিজেপিৰে লগলাগিলে কিবা লাভ হ’ব বুলি মনে নধৰে৷ তৃণমূল কৰ্মীয়েও বিচৰা নাই মিত্ৰতা৷ এনেকি, ৰাষ্ট্ৰীয় নেতৃত্বইও মিত্ৰতা বিচৰা নাই বুলি ক’লে মন্ত্ৰী শৰ্মাই৷ আনকি, দেওবাৰে চাবুৱাত মুখ্যমন্ত্ৰী সোণোৱালেও অগপৰে মিত্ৰতা নহয় বুলি কৈছে৷ ইমানৰ পিছতো ৰাজনৈতিক মহলৰ চৰ্চা মতে, অগপ বিজেপিৰ মিত্ৰতা হ’বই, কেৱল অগপই বিচৰাধৰণে চাৰিটা সমষ্টি এৰি দিব খোজা নাই বিজেপিয়ে৷ শেষ মূহূৰ্তত ৰাষ্ট্ৰীয় নেতৃত্বই কোনো বুজাপৰা কৰিব পাৰে বুলি সম্ভাৱনা নুই কৰিব নোৱাৰি৷ কিন্তু আগন্তুক দুটা দিনৰ ভিতৰতে মিত্ৰতাৰ ক্ষেত্ৰত স্পষ্ট ছবি পোহৰলৈ আহিব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close