অসম

অনাস্থাৰ দিশে গোৱালপাৰা জিলা পৰিষদ

গোৱালপাৰা জিলা পৰিষদত কংগ্ৰেছী বিধায়কৰ দপদপনি

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, ১ মাৰ্চ :- কংগ্ৰেছ দলৰ সদস্যৰে গঠিত গোৱালপাৰা জিলা পৰিষদত আৰম্ভ হৈছে বিদ্ৰোহৰ উকমুকনি। গোৱালপাৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মধুসুদন নাথৰ স্বাক্ষৰ যুক্ত এখন চিঠি মৰ্মে আজি জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰথমখন সাধাৰণ সভা তীব্ৰ বাক- বিতণ্ডা আৰু খেলিমেলিৰ মাজেৰে আধাতে সামৰি ভংগ কৰিব লগা হয়। আজিৰ সভা খনতে (ক)সাধাৰণ ষ্টেণ্ডিং কমিটি (খ) বিত্ত আৰু হিচাব পৰীক্ষণ কমিটি (গ) সামাজিক ন্যায় কমিটি আৰু (ঘ)পৰিকল্পনা আৰু উন্নয়ন কমিটি গঠন কৰাৰ কথা আছিল। কিন্তু এই সভাখনত গোৱালপাৰা জিলাৰ পুৱ আৰু পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলম আৰু আব্দুৰ ৰচিদ মণ্ডলে অকতৃত্বশীল ভাবে উপস্থিত থাকি সভাখনত হস্তক্ষেপ কৰাৰ লগতে হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে লগতে উক্ত চাৰিখন কমিটি নিজৰ ইচ্ছামতে পচন্দ অনুসৰি গঠন কৰিব বিচাৰে। এনে কাৰ্যত জিলা পৰিষদৰ ১৬ গৰাকী সদস্যৰ ৯ গৰাকী অকংগ্ৰেছী সদস্যই ক্ষুব্ধ হৈ প্ৰতিবাদ কৰে। বিৰোধীৰ আসনত থকা সদস্য কেইগৰাকীয়ে প্ৰতিবাদ কৰাত দুয়োগৰাকী বিধায়কে তেওঁলোকক অভব্য আচৰণ কৰাৰ লগতে ননচেঞ্চ আৰু গেটআউট বুলি কৈ অশালীন ব্যবহাৰ কৰে। এনে পৰিস্থিতিত পৰিষদৰ সভানেত্ৰী ডেমজিয়া মাৰাকে সম্পুৰ্ণ নিস্ক্ৰিয়তা অবলম্বন কৰা দেখা যায়। ইয়াৰ পিচতে সভানেত্ৰী গৰাকীয়ে নিয়ম বহিৰ্ভুত ভাবে সভাখনৰ আনুষ্ঠানিকতা সম্পন্ন নকৰাকৈ বিধায়ক দুগৰাকীৰ লগত বাহিৰলৈ ওলায় যায়। এই ক্ষেত্ৰত জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাবুদ্দিন আহমেদেও সহযোগিতা আগবঢ়ায়। এনে এক পৰিস্থিতিত বাকী ৯ গৰাকী অকংগ্ৰেছী সদস্য ক্ৰমে-বিজেপি দলৰ-কুশধ্বজ ৰংখ, প্ৰহ্লাদ বসুমতাৰী, ৰূপালী ৰাভা, যৌথ মঞ্চৰ- পবিত্ৰ কুমাৰ ৰাভা, এ আই ইউ ডি এফৰ-সুলোচন ৰাভা, আফতাবুল অমিয়া মোল্লা, নিৰ্দলীয়-পাৰ্চিয়া ৰংখ, মেহেৰা খাতুন আৰ্ কংগ্ৰেছ বহিস্কৃত সদস্য ফিৰোজা বেগমে বিয়লি তিনি বজালৈ অপেক্ষা কৰি একগোট হৈ অবশেষত এই সম্পৰ্কত জিলা পৰিষদ খনৰ বিৰূদ্ধে সন্মিলিত স্বাক্ষৰ যুক্ত এখন অভিযোগনামা জিলা উপায়ুক্ত , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী, আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সুকীয়া সুকীয়াকৈ দাখিল কৰে। এই ৯ গৰাকী সদস্যই দুধনৈ অনুষ্ঠিত এক সংবাদ মেল যোগে জিলা পৰিষদ খনৰ কাম কাজত কংগ্ৰেছী বিধায়ক দুগৰাকীৰ অনাধিকাৰ হস্তক্ষেপক তীব্ৰ নিন্দা কৰাৰ লগতে পৰিষদৰ নামত ইতিমধ্যে জমা থকা ধন আৰু চৰকাৰৰ পৰা আবণ্টিত ধন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মধুসুদন নাথক মেনেজ কৰি আত্মসাত কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলিও গুৰুতৰ অভিযোগ কৰে। আনহাতে জিলা পৰিষদ গঠনৰ দহ দিনৰ ভিতৰত পৰিষদৰ চাৰিখন কমিটি গঠনৰ নিৰ্দেশনা আছে যদিও নিজৰ কু অভিসন্ধি বাস্তবত ৰূপায়ন কৰাৰ বাবে বিধায়ক দুগৰাকীয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক মেনেজ কৰি সাধাৰণ সভাখন ১৮ দিন পিচত অনুষ্ঠিত কৰা হৈছিল বুলিও আন এক গুৰুতৰ অভিযোগ দিয়ে অকংগ্ৰেছী ৯ গৰাকী সদস্যই। এনে এখন পৰিষদে বাকী সদস্য সকলক আন্ধাৰত ৰাখি কংগ্ৰেছী বিধায়কৰ শ্ৰুতলিপি মৰ্মে কাম কৰাৰ উপৰিও এইখন পৰিষদে সৰ্বদিশতে উন্নয়ন প্ৰক্ৰিয়া স্তব্ধ কৰিব বুলিও অভিযোগ কৰে। প্ৰয়োজন হলে এই ৯ গৰাকী সদস্যই জিলা পৰিষদ খনৰ বিৰূদ্ধে উপযুক্ত সময়ত অনাস্থা প্ৰস্তাৱ অনাৰো ভাবুকি দিয়ে। প্ৰেৰক ভবেশ চন্দ্ৰ ভাগৱতী।দুধনৈ।

Related Articles

Leave a Reply

Close