অসমশীৰ্ষ

অবৈধ সুৰা ব্যৱসায়ীয়ে প্ৰহাৰ কৰিলে আছু কৰ্মীক

প্ৰথম খবৰ,বালিপৰা:-

ৰাজ্যজুৰি এতিয়া অব্যাহত আছে সুৰাবিৰোধী অভিযান।
তিতাবৰ,গোলাঘাটত বিষাক্ত চুলাই সেৱন কৰি শতাধিক লোক মৃত্যু হোৱাৰ পিছতে এতিয়া বিষাক্ত সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আবকাৰী বিভাগৰ লগতে ৰাজ্যৰ আৰক্ষী প্ৰশাসন।তাৰ মাজতেই এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে সুৰা ব্যৱসায়ীৰ গুণ্ডাৰাজ।
বালিপৰাত সুৰা ব্যৱসায়ীয়ে প্ৰহাৰ কৰিলে আছু কৰ্মীক।
বালিপৰাৰ আৱকাৰী বিভাগৰ ছত্ৰছায়াতে এতিয়া একাংশ সুৰা বেপাৰীয়ে চলাইছে গুণ্ডাগিৰি ৷ যি সময়ত ৰাজ্যত আবকাৰী বিভাগৰ লগতে আৰক্ষী প্ৰশাসন, দল-সংগঠনে অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে,সেই সময়তে অবৈধ সুৰা বেহা বন্ধ কৰিবলৈ যোৱা আছুৰ কৰ্মী ওপৰত চলিল সুৰা ব্যৱসায়ীৰ আক্ৰমন।
শোণিতপুৰৰ বালিপৰাত আছু কৰ্মীক আক্ৰমণ সুৰা ব্যৱসায়ীৰ।
সুৰা বিৰোধী অভিযানৰ মাজতেই সুৰা ব্যৱসায়ীৰ আক্ৰমণ আছু কৰ্মীক। উল্লেখ্য যে বিগত দিন সমূহৰ দৰেই বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকতা সকলে শুকুৰবাৰেও বালিপৰা চাৰিদুৱাৰৰ বিভিন্ন ঠাইত চলাই আছিল সুৰা বিৰোধী ব্যাপক অভিযান। তেনে সময়তে বালিপৰাৰ সমিপৱৰ্তী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ AR ৰেষ্টুৰেন্টত সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই। তেনে সময়তে ৰেষ্টুৰেন্টখনৰ পৰা আছু সদস্যই অৰুনাচলী সুৰা আৰু বিয়েৰ জব্দ কৰাৰ সময়তে ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী হৰ্ক বাহাদুৰ থাপাই সুৰাৰ বটলেৰে আক্ৰমণ কৰে তিনিজনকৈ আছু কৰ্মীক।আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহঁত হয় আছুৰ ৩ সদস্য। ইয়াকে লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।
পিছত চাৰিদুৱাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ হোটেলখনৰ মালিক হৰ্কবাহাদুৰ থাপাক আটক কৰে ।অবশ্যে ভবিষ্যতে আছু কৰ্মীৰ লগত অভব্য আচৰনৰ লগতে মদ বিক্ৰী নকৰো বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত আৰক্ষীয়ে মুকলি কৰি দিয়ে গুণ্দাৰাজ চলোৱা হৰ্ক বাহাদুৰ থাপাক।
কিন্তু লক্ষণীয় বিষয়টো হ’ল,যি সময়ত সুৰাৰ বিপৰীতে ৰাজ্যৰ পৰিৱেশ উত্তপ্ত হৈ আছে,সেই সময়তে এজন সুৰা ব্যৱসায়ীয়ে এনে গুণ্দাৰাজ চলাবলৈ সাহস ক’ত পালে,কাৰ আৰ্শীবাদত চলাই আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা।ৰাজ্যৰ আবকাৰী বিভাগ কিম্বা আৰক্ষী প্ৰশাসনে ইমানৰ পিছতো নাকি লগাব পাৰিবনে অবৈধ সুৰা ব্যৱসায়ী সকলক,নে পুনৰ কেইটামান টকাৰ লালসাত নিমাত হৈ পৰিব প্ৰশাসন,সেইয়াহে পৰৱৰ্তী সময়ত হৈ পৰিব লক্ষণীয়।

Related Articles

Leave a Reply

Close