অসমশীৰ্ষৰাজ্যৰ খবৰ

অসমৰ টিভিত নাইকিয়া হ’ব পাৰে স্নিগ্ধাশিখা, নন্দনপ্ৰতিম, নিতুমণিৰ বাতৰি

চীনৰ টিভিত প্ৰথমটো মহিলাৰ অবয়বৰ ৰবটৰ বাতৰি পৰিৱেশন

প্ৰথম খবৰ ব্যুৰ’: অসমৰ টেলিভিশ্বনত সন্ধিয়াৰ প্ৰাইমটাইম বাতৰিত হয়তো আপুনি আগ্ৰহেৰে বাট চাই থাকে স্নিগ্ধাশিখা বৰা, নন্দনপ্ৰতিম শৰ্মা বৰদলৈ বা নিতুমণি শইকীয়াহতৰ দৰে এংকৰৰ বাতৰি পঢ়ালৈ৷ পিছে অদূৰ ভৱিষ্যতে এনে জনপ্ৰিয় এংকৰৰ বাতৰি পঢ়া আপুনি টিভিত নেদেখিব৷ নিউজ এংকৰৰ ঠাই ল’ব ৰবটে৷ চীনত ইতিমধ্যে বাতৰি পঢ়িলেই ৰবটে৷ চীনৰ জিনহুৱা টিভিত এক মিনিটৰ এক বাতৰি পঢ়ি অভিলেখ গঢ়িলে জিন জিৱামেং নামৰ ৰবটটোৱে৷ মানৱ নিউজ এংকৰৰ দৰে দৈহিক গঠন, প্ৰকাশভংগীৰে ৰবটৰ বাতৰি পঢ়া বিষয়টোৱে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে৷

সাধাৰণ মানুহে ৰবট নিউজ এংকৰৰ বাতৰি অধিক পচন্দ কৰিলে অসমৰ টিভিতো ৰবটে বাতৰি পঢ়িবলৈ ল’লে আচৰিত হ’বলগীয়া নাথাকিব, কাজেই আপুনি হয়তো নেদেখিব সন্ধিয়াৰ প্ৰাইম টাইম বাতৰিত স্নিগ্ধা, নন্দন প্ৰতিম, নিতুমণিৰ দৰে জনপ্ৰিয় এংকৰক৷

Related Articles

Leave a Reply

Close