অসমনিবন্ধবিজ্ঞানশীৰ্ষ

আজি বিশ্ব ঘনচিৰিকা দিৱস, গোৱালপাৰাত বৃদ্ধি পাইছে লুপ্তপ্ৰায় ঘন চিৰিকা চৰাই

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: আজি বিশ্ব ঘনচিৰিকা দিৱস। প্ৰতি বছৰৰ মাৰ্চ মাহৰ ২০ তাৰিখে পালন কৰা হয় বিশ্ব ঘনচিৰিকা দিৱস। ২০১০ চনৰ পৰা এই ঘনচিৰিকা দিৱস গোটেই বিশ্বতে পালন কৰি অহা হৈছে। এই চৰাইবিধৰ বৈজ্ঞানিক নাম হৈছে Passer domesticus. আমাৰ ঘৰৰ চাল বা চুকত বাঁহ সাজি আশ্ৰয় লৈ থকা এই সৰু আকাৰৰ মৰমলগা চৰাইবিধেই হৈছে ঘৰ চিৰিকা বা ঘনচিৰিকা৷

মূলতঃ ইউৰোপ আৰু এছিয়া মহাদেশত সৰ্বাধিক ঘনচিৰিকা চৰাই দেখিবলৈ পোৱা যায় যদিও অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আমেৰিকা, ফ্ৰান্স আদি দেশতো ঘনচিৰিকা চৰাই দেখিবলৈ পোৱা যায়।

“মুখত দুডাল দূবৰি বন

দুডাল খৰিকা

মোৰ চোতালত উমলহি অ’ ঘনচিৰিকা”

বীৰেন দত্তৰ এই বিখ্যাত গীতটি বাৰু কোন সংগীত প্ৰেমীয়ে শুনা নাই ? মৰমলগা এই চৰাইবিধক লৈয়ে সৃষ্টি হৈছে এনে কালজয়ী গীত। পিছে অতি নিৰ্জু স্বভাৱৰ এই চৰাইবিধ আজি সংকটৰ গৰাহত ৷ কিন্তু কম সময়ৰ ভিতৰতেই এই চৰাইবিধ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে।

হেৰাই যাবলৈ ধৰা কাৰণবোৰ ব্যাখ্যা কৰিলে দেখা যায়, মানুহৰ আৱাসস্থলীৰ আকৃতিৰ পৰিৱৰ্তন অৰ্থাৎ আজিকালি খেৰৰ ঘৰ নাইকিয়া হ’ল, তাৰ ঠাইত কংক্ৰিটৰ ঘৰ হ’ল। গ্ৰামাঞ্চলৰ পৰা নগৰাঞ্চললৈ পৰিৱৰ্তিত হ’ল। আগেয়ে এই চৰাইবোৰে মানুহৰ ঘৰৰ চালত, চুকত বাহ লৈছিল। বৰ্তমান সেউজীয়া ভূমিৰ পৰিমান কমি গৈছে গোটেই বিশ্বতে। চাৰিওফালে স্থাপন কৰা বিভিন্ন কোম্পানীৰ মোবাইল ফোনৰ টাৱাৰ বোৰৰ ৰেডিয়েচনৰ প্ৰভাৱ, প্ৰচুৰ পৰিমাণে কৃষিক্ষেত্ৰত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ইত্যাদি নানা কাৰণত ঘনচিৰিকা চৰাই লাহে লাহে বিলুপ্তিৰ পথলৈ গৈছে।

এই ধুনীয়া সৰু চৰাইবিধক প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যাবলৈ দিব নোৱাৰি, সেয়ে ইয়াৰ গুৰুত্ব বুজি বিশ্বব্যাপি ২০ মাৰ্চৰ দিনটো ‘বিশ্ব ঘনচিৰিকা দিৱস’ হিচাপে পালন কৰি অহা হৈছে। এই চৰাইবিধৰ সংৰক্ষণ তথা সজাগতাৰ বাবেই পালন কৰি অহা হৈছে এই ঘনচিৰিকা দিৱস ৷
মানুহক জীৱন সংগীৰ দৰে অনুসৰণ কৰা, মানুহৰ দুখ সুখৰ লগৰী এই চৰাইবিধ সংৰক্ষণৰ অৰ্থে আজি দেশৰ লগতে অসমতো পালন কৰা হয় বিশ্ব ঘনচিৰিকা দিৱস।
এবাৰ ভাবি চাওকচোন পক্ষীকুলৰ অভাৱত পৃথিৱীখন সঁচাকৈ দুখীয়া হৈ নাযাবনে ? নিশ্চয়কৈ ঘনচিৰিকা চৰাই বোৰৰ গীতে মানুহৰ অন্তৰত আনন্দ দিয়ে। আহক আজি বিশ্ব ঘনচিৰিকা দিৱস পালন কৰাৰ লগতে যিয়ে যিধৰণে পাৰে এই মৰমলগা চৰাইবিধৰ সংৰক্ষণৰ ব্যৱস্থা কৰোঁ।

অৱশ্যে শেহতীয়াকৈ চালে দেখা যায় যে, বিশেষকৈ অসমৰ পশ্চিম প্ৰান্তত থকা গোৱালপাৰা জিলাৰ কিছু কিছু অঞ্চলত এই চৰাই বিধৰ সংখ্যা কমি গৈছিল যদিও তুলনামূলকভাৱে এতিয়া আকৌ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এই চৰাই বিধক ৰক্ষা কৰি সংৰক্ষণৰ বাবে সকলো ৰাইজ ওলাই অহাৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠন বোৰে সজগতা অনুষ্ঠানৰ জৰিয়তে এই চৰাই বিধক মৃত্যু মুখৰ পৰা ৰক্ষা কৰিব লাগিব।

Related Articles

Leave a Reply

Close