অসমশীৰ্ষৰাজ্যৰ খবৰ

আটাছু এৰি গেৰুৱা হ’ল অশ্বিনী চেতিয়া

কংগ্ৰেছক তুলাধুনা সোণোৱালৰ

প্ৰথম খবৰ ,শিৱসাগৰ ,২৯ মাৰ্চ : কংগ্ৰেছ নীতিহীন,নেতা হীন আৰু ৰণনীতি বিহীন এটা দল।এই দলে বিগত ৫৫ বছৰে “গৰীবি হাতও” শ্লোগনেৰে শাসন চলোৱাৰ পাছতো দেশৰ দৰিদ্ৰতা নিৰ্মূল কৰিব নোৱাৰিলে।দলটোৰ এই প্ৰতাৰণাৰ বাবেই ৰাইজে নৰেন্দ্ৰ মোদী নেতৃত্বতাধীন NDA চৰকাৰক ক্ষমতা দিছিল।
শিৱসাগৰ নাট্য মন্দিৰত আজি অনুষ্ঠিত বিজেপিৰ যোগদান সমাৰোহত অংশগ্ৰহণ কৰি এই দৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ হল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সোণোৱালে নিজৰ ভাষণত কেন্দ্ৰৰ মোদী আৰু অসমৰ বি জে পি নেতৃত্বাধীন চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি উন্নয়নৰ এই গতি ধৰা অব্যাহত ৰখাৰ বাবে আকৌ এবাৰ মোডীক প্রধান মন্ত্ৰী ৰূপে নিৰ্বাচিত কৰাৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ লগতে আন আন প্ৰাৰ্থী সকলক জয় যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়।
আটাছু এৰি গেৰুৱা বসন পিন্ধা অশ্বিনী চেতিয়াৰ উদ্যোগত আজিৰ এই সভাতে শতাধিক লোকে গেৰুৱা দলটোত যোগদান কৰে। দলটোৱে অশ্বিনী চেতিয়াৰ নেতৃত্বত ২০০০ হাজাৰ লোকে বিজেপিত যেগদান কৰিব বুলি প্ৰচাৰ চলাইছিল যদিংো সময়ত অশ্বিনী চেতিয়াৰ পূৰ্বৰ ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চৰ ১০০ কৰ্মীয়েহে যোগদান কৰি অশ্বিনী চেতিয়াৰ শক্তি ম্লান কৰি পেলাই ৷ জাতীয়তাবাদৰ পোছাক খুলি হিন্দুত্ববাদী পোছাক পৰিধান কৰা প্ৰাক্তন জাতীয়তাবাদী নেতা অশ্বিনী চেতিয়াক দলটোৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।দলটোত যোগদান কৰাৰ পাছত নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ অর্থে আজি চেতিয়াই এই বিশাল যোগদান সমাৰোহৰ আয়োজন কৰিছিল।বাস্তৱত বিপুল সংখ্যক অনুগামী আৰু সমৰ্থকৰ সৈতে দলটোত যোগদান কৰি অশ্বিনী চেতিয়াই নিৰ্বাচনী সমীকৰণত আউল লগাব বুলি ধাৰণা কৰা হৈছিল ।সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা নেতা কৰ্মী আমদানি কৰাত ব্যৰ্থ হোৱাত চেতিয়াই আজি ৰাজনৈতিক জীৱনৰ প্ৰথম খোজতে উজুটি খোৱা বুলি ব্যাপক ভাবে চৰ্চিত হৈছে।

Related Articles

Leave a Reply

Close