অসম

আবেদনৰ তিনিবছৰ পিছতো আদায় পোৱা নাই শিক্ষা বৃত্তি

নলবাৰীত নিৰ্মাণ শ্ৰমিকৰ স্মাৰক পত্ৰ প্ৰদান

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ ,নলবাৰী,১৪ মাৰ্চ – ৰাজ্যৰ নিৰ্মাণ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলত অসমত গঠন হৈছিল নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ । নলবাৰী জিলাৰো শ্ৰমিক সকলে চৰকাৰী সংশ্লিষ্ট বিভাগত নাম পঞ্জীয়ন কৰি সা সুবিধাৰ বাবে পত্ৰ ও পুৰণ কৰি বিগত তিনিবছৰ পূৰ্বে বিভাগত জমা দিছে যদিও সুফল লাভ কৰা নাই বহু সংখ্যক নিৰ্মাণ শ্ৰমিকে । অভিযোগ অনুসৰি শিক্ষা বৃত্তিকে ধৰি বিভিন্ন হিতলভ (বেনিফিট ) বিগত তিনি বছৰ ধৰি শ্ৰমিক সকলে প্ৰাপ্য লাভ কৰা নাই । ইফালে ৰাজ্যিক শ্ৰমিক কল্যাণ পৰিষদে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে ভিতৰ চৰাত ৰাজনীতিৰ গোন্ধ পোৱা বুলিও অভিযোগ তোলে সংগঠনটোই । অভিযোগ অনুসৰি নিৰ্মাণ শ্ৰমিক নোহোৱা ব্যক্তিকো পঞ্জীয়ন কৰি প্ৰশিক্ষণ দিছে । আজি সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নলবাৰী জিলা সমিতিয়ে জিলা পঞ্জীয়ন বিষয়াৰ যোগেৰে অসম চৰকাৰৰ গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ সদস্য সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । সংগঠনটোৰ জিলা সভাপতি মহেশ্বৰ দত্ত আৰু সম্পাদক অনিল মহন্তই স্বাক্ষৰ কৰা স্মাৰক পত্ৰত সংগঠনটোই দাবী কৰে যে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিয়ম অনুসৰি হিতাধিকাৰী সকলৰ প্ৰাপ্যধন সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰা, নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ১৯৯৬ ৰক্ষা কৰা,নিৰ্মাণ শ্ৰমিক কল্যাণ আইন অনুসৰি দূৰ্নীতি নোহোৱাকৈ পুজি সংগ্ৰহ ব্যৱস্থা অব্যাহত ৰখা, নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকৰ ঘৰ বান্ধি দিয়াৰ ব্যৱস্থা কৰা আৰু প্ৰশিক্ষণৰ নামত চলি থকা দূৰ্নীতি বন্ধ কৰা আদি বিভিন্ন দাবী তোলে ।

Related Articles

Leave a Reply

Close