অসম

উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰ , অশ্বক্লান্ত দেৱালয়ত দৌল উৎসৱৰ আয়োজন।

পঙ্কজ নাথ, চাংসাৰি, ১৭ মাৰ্চ : কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ প্ৰস্তুতি পুৰ্ণ গতিত চলিছে। অহা ২০ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ পাচ দিনীয়া কাৰ্যসূচীৰে এই দৌল উৎসৱ আয়োজন কৰা হৈছে। দৌলগোবিন্দ মন্দিৰৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত সংবাদ মেলত দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শচীন ভুঞা, কাৰ্য্যকৰী সভাপতি ৰাতুল বৰুৱা, প্ৰধান সম্পাদক পবিত্ৰ বৰুৱা, গনেশ দাস, গনেশ বৈশ্য সৌৰভ বৰুৱাই এই কথা সদৰি কৰে। সমিতিয়ে সদৰি কৰামতে এইবাৰৰ দৌল উৎসৱত ৰাজ্য বিভিন্ন প্ৰান্তৰ ৫০ হাজাৰৰো অধিক দৰ্শনাৰ্থী সমবেত হব বুলি আশা প্ৰকাশ কৰা হৈছে। পাঁচদিনেই সুশৃংখলিত ভাবে যাতে ভক্তসকলে মন্দিৰ দৰ্শন কৰিব পাৰে তাৰপ্ৰতি লক্ষ্য ৰাখি স্থানীয় যুৱক যুৱতী, পুৰুষ মহিলাৰে স্বেচ্ছাসেৱক আদি নিযুক্তি দিয়া হৈছে। প্ৰতিদিনে ভক্তসকলৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যবস্থা কৰা হৈছে। দুৰণিবটীয়া যাত্ৰীৰ বাবে থকাখোৱাৰ আছুতীয়া ব্যৱস্থা আছে। দৌল উৎসৱৰ লগত সংগতি ৰাখি প্ৰতিদিনেই সত্ৰীয়া নৃত্য, ঢুলীয়া খুলীয়া, বেণ্ড পাৰ্টী, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান ভক্তসকলৰ মনোৰঞ্জনৰ বাবে আয়োজন কৰা হৈছে। দৌলগোবিন্দ মন্দিৰৰ নিৰাপত্তা দিশটো চোৱা চিতা কৰাৰ বাবে কামৰূপ আৰক্ষী আৰু স্থানীয় আৰক্ষীৰ লগত পৰিচালনা সমিতিয়ে যোগাযোগ কৰিছে। আনহাতে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা পৰা ৰাইজক মন্দিৰ চৌহদত ফাকু নেখেলিবলৈ আহ্বান জনোৱা লগতে ইজনে সিজনক ফাকু দিওঁতে ভাল ফাকু ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে। আনহাতে বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়তো বিগত বছৰৰ দৰে এই বেলিও শ্ৰী শ্ৰী কৃষ্ণ দৌল উৎসৱ আড়ম্বৰপূৰ্ণ ভাবে উদযাপন কৰা হব। ২০ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। কাৰ্যক্ৰমণিকা অনুসৰি ২০ মাৰ্চ প্ৰথম দিনাত দৌল মণ্ডপত বিগ্ৰহ স্থাপন, অধিবাস আৰু আয়তীৰ নাম প্ৰসঙ্গ। দ্বিতীয় দিনা ২১ মাৰ্চত মহা পূজা, হোম-যজ্ঞৰে পূৰ্ণাহুতি। আমন্ত্ৰিত শিল্পীৰ নাগাৰা নাম পৰিবেশন। ২২ মাৰ্চ অন্তিম দিনৰ কাৰ্যসূচীত মহাপ্ৰভুৰ দোলা যাত্ৰ বিগ্ৰহলৈ নগৰ পৰিভ্ৰমণ কৰা হব। সেয়েহে দেৱালয় পৰিচালনা সমিতিৰ সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই উক্ত তিনি দিনৰ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত কামনা কৰাৰ লগতে দিহা পৰামৰ্শ আগবঢ়ায় দৌল উৎসৱ সফল কৰি তুলিবলৈ ৰাইজ আহ্বান জনাইছে। ইয়াৰ উপৰিও চাংসাৰি, উত্তৰ গুৱাহাটী, আমিনগাঁও আদি অঞ্চলতো বিভিন্ন কাৰ্য্যসূচীৰে দৌল উৎসৱ পালনৰ প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close