অসমশীৰ্ষৰাজ্যৰ খবৰ

এদল মহিলাৰ ঘৰে ঘৰে প্ৰচাৰ অভিযান

প্ৰাঞ্জল শৰ্মা; প্ৰথম খবৰ, নলবাৰী ,২৯ মাৰ্চ – এদল মহিলাৰ অভিনৱ প্ৰচাৰ৷ ঘৰে ঘৰে গৈ প্চাৰ চলাইছে এদল মহিলাই৷ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত আজি নলবাৰীৰ দীঘেলি, সন্ধা আৰু পাইকাৰকুছি অঞ্চলত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ সমৰ্থনত প্ৰচাৰ চলোৱা হয় । জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, উপ সভানেত্ৰী মামনী বেগম, নিৰুপমা ৰাজবংশী, পূৱ নলবাৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জলি গোস্বামীৰ নেতৃত্বত এই প্ৰচাৰ কাৰ্যসূচী হাতত লোৱা হয় । প্ৰচাৰ কাৰ্যসূচীত ভাগ লৈ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে সাংবাদিকৰ আগত অভিমত প্ৰকাশ কৰি কয় যে – বিজেপিৰ কেন্দ্ৰ কি ৰাজ্য চৰকাৰে বিগত লোকসভা নিৰ্বাচনত বহুত প্ৰতিশ্ৰুতি দিলে যদিও প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে । যাৰ বাবে এতিয়া ৰাইজে পুনৰ কংগ্ৰেছক আদৰি লবলৈ আৰম্ভ কৰিছে । ইতিমধ্যে দেশৰ লগতে ৰাজ্যৰ বুদ্ধিজীৱি, সচেতন নাগৰিকেই সাম্প্ৰদায়িক শক্তিক পৰাহভুত কৰিবলৈ আহ্বান জনায়ছে । নলবাৰী মহিলা কংগ্ৰেছৰ এটাই আহ্বান সমাগত লোকসভা নিৰ্বাচন গুৰুত্ব বুজি ফাকিবাজ বিজেপিক ভোট দি যাতে নিজৰ হাতৰ কুঠাৰ ভৰিত নামাৰে । নহ’লে পুনৰ ৰাইজে ঠগন খাই থাকিব লাগিব বুলিও তেওঁ দোহাৰে ।

Related Articles

Leave a Reply

Close