অসমশীৰ্ষৰাজ্যৰ খবৰ

কংগ্ৰেছত এক গুলীত দুই চিকাৰ কাৰ? ভুৱনেশ্বৰ কলিতা-প্ৰদ্যুত বৰদলৈক লৈ আমোদজনক ৰাজনীতি!

প্ৰথম খবৰ ব্যুৰ’:
প্ৰাৰ্থিত্বক লৈ খোৱা কামোৰা কংগ্ৰেছত কোনো নতুন কথা নহয়৷ সমাগত লোকসভা নিৰ্বাচনক লৈ এইবাৰ প্ৰাৰ্থিত্বৰ খোৱা কামোৰাই নহয়, আৰম্ভ হৈছে ভুৱনেশ্বৰ কলিতা, প্ৰদ্যুত বৰদলৈক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ কৌশলী অভিযান৷ প্ৰদেশ কংগ্ৰেছৰ এক শক্তিশালী লবীয়ে ভাল প্ৰাৰ্থীৰ সন্ধানত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতা, প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ দৰে নেতাই লোকসভাৰ প্ৰাৰ্থী হোৱাত জোৰ দিছে৷ মঙলদৈ বা গুৱাহাটী সমষ্টিত ভুৱনেশ্বৰ কলিতা, নগাঁও বা গুৱাহাটীত শক্তিশালী প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব বিচাৰিছে প্ৰদ্যুত বৰদলৈক৷ ৰাজনৈতিক মহলত চৰ্চিত খবৰ মতে, বৰদলৈ বা কলিতাৰ দৰে কংগ্ৰেছৰ ভাৱমূৰ্তি থকা নেতাক প্ৰাৰ্থীৰূপে বিচাৰি প্ৰদেশ কংগ্ৰেছৰ শক্তিশালী লবীটোৱে এক গুলীত দুই চিকাৰ কৰাত সফল হৈছে৷ এহাতেদি বৰদলৈ-কলিতাৰ প্ৰাৰ্থীৰ নাম কৈ হাইকমাণ্ডৰ ওচৰত বিশ্বাস অৰ্জন, অন্যহাতেদি কোনো কাৰণত দুয়োজন নেতাই লোকসভাত পৰাজিত হ’লে 2021ত মুখ্যমন্ত্ৰীৰ দাবীদাৰ দুজনৰ সংখ্যা কমি যাব৷ লোকসভাত পৰাজিত নহ’লেও দিল্লীত কলিতা-বৰদলৈ সাংসদ হৈ থাকিলেও ৰাজ্য ৰাজনীতিত বা প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ সুৰক্ষিত হ’ব শক্তিশালী লবীটোৰ বাবে৷ এনেবোৰ কাৰণ উপলব্ধি কৰিয়ে এই পৰ্যন্ত হয়তো লোকসভাত প্ৰতিদ্বন্দিতাৰ আগ্ৰহৰ কথা মুকলিকৈ কোৱা নাই কলিতা কিম্বা বৰদলৈয়ে৷ অৱশ্যে, প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত এক গুলীত দুই চিকাৰৰ এনে খেল আৰম্ভ হ’লেও হাইকমাণ্ডৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব ভুৱনেশ্বৰ কলিতা বা প্ৰদ্যুত বৰদলৈৰ ভাগ্য৷

Related Articles

Leave a Reply

Close