অসমশীৰ্ষৰাজ্যৰ খবৰ

কংগ্ৰেছৰে মিত্ৰতা নহয় অগপৰ, বিজেপিৰ মিত্ৰতাক লৈ মতামত গ্ৰহণ অগপৰ সভাপতিৰ

প্ৰথম খবৰ ব্যুৰ’:
লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে অগপৰ সভাপতি অতুল বৰাই৷ নতুন দিল্লীৰ পৰা উলটিয়ে বৰপেটাত দলীয় কাৰ্যসূচীত অংশ লোৱা সভাপতি বৰাই অৱশ্যে বিজেপিৰে মিত্ৰতাৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই৷ এই সন্দৰ্ভত স্পষ্টকৈ নকলেও মিত্ৰতাক লৈ মতামত গ্ৰহণ কৰি থকা বুলি স্পষ্ট কৰি দিছে অতুল বৰাই৷ বৰাই লগতে দিল্লীত ব্যক্তিগত কামতহে যোৱা বুলি উল্লেখ কৰিছে৷ উল্লেখ্য যে, বৰাই কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে দিল্লীত বিজেপি নেতৃত্বৰে মিত্ৰতাৰ দৰদাম চলোৱা বুলি চলা প্ৰচাৰৰ আঁত ধৰি এই কথা প্ৰকাশ কৰিছে৷

Related Articles

Leave a Reply

Close