অসমশীৰ্ষ

কাজিৰঙাৰ ঘাই পথত গঁড়ক খুন্দা বৰযাত্ৰীৰ ট্ৰেভেলাৰৰ

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ: কাজিৰঙাৰ হালধিবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা৷ বুধবাৰে সন্ধিয়া হালধিবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰা গঁড়ক খুন্দা বৰযাত্ৰী ট্ৰেভেলাৰৰ (এ এছ ০৫ চি ৬৬৮৯)৷

কলিয়াবৰৰ বাগৰিৰ পৰা গোলাঘাট অভিমুখে গৈ থকা এখন ট্ৰেভেলাৰে পথ অতিক্ৰম কৰিব খোজা এটা গঁড়ক খুন্দা মাৰে৷ ঘটনাৰ পাছত গঁড়টো অৰণ্যৰ মাজত সোমাই যায় যদিও দুৰ্ঘটনাগ্ৰস্থ ট্ৰেভেলাৰ খনৰ অৱস্থালৈ লক্ষ্য কৰি গঁড়টো গুৰুতৰ ভাৱে আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে৷

আহত গঁড়টো সন্ধানত বনকৰ্মীয়ে অভিযান আৰম্ভ কৰিছে৷ আনহাতে ট্ৰেভেলাৰ খন জব্দ কৰিছে বন বিভাগে।

Related Articles

Leave a Reply

Close