অসমৰাজ্যৰ খবৰ

কাৰ্বি পাহাৰত লোকসভা নিৰ্বাচনৰ গৰম বতাহ, ধাৰাবাহিক সভা বিজেপিৰ

প্ৰথম খবৰ, খেৰণি, ৯ মাৰ্চ:— উন্নয়ন আৰু বিকাশেই হৈছে সমাগত লোকসভা নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ মূল মন্ত্ৰ” বুলি পাঁচ শতাধিক পুৰুষ মহিলাক উদ্দেশ্যি পশ্চিম কাৰ্বি আংলঙৰ চেৰলংচৰত আয়োজিত বিজেপি সভাত উল্লেখ কৰিলে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে। উল্লেখযোগ্য যে সভাত কাৰ্বি পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে হামৰেন সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ’, হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দৰ লগতে পাঁচ শতাধিক লোকৰ উপস্থিতিত বৃহত্তৰ সমষ্টিটোত চৰকাৰী আঁচনি ৰূপায়ন কৰাৰ প্ৰতি লক্ষ্য কৰি আৰু জনপ্ৰতিনিধিগৰাকীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় ২০টা পৰিয়ালে আজি কংগ্ৰেছ আৰু এ এছ ডি চি আঞ্চলিক দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। উল্লেখিত সভাত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে যোৱা দুটা বছৰৰ ভিতৰত সমষ্টিটোত ইতিমধ্যে আঁচনি ৰূপায়ন সম্পূৰ্ণ কৰি তোলা আৰু নিৰ্মাণ কাৰ্য্য চলি থকা আচঁনিসমূহৰ খতিয়ান ৰাইজৰ সম্মুখত দাঙি ধৰে। বিশেষকৈ প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত দেউৰী তিনিআলি-ৰংহিদী-হামৰেন সংযোগী পথ, ৰংহিদী-ফং জাংৰে-ৰংপাংবং সংযোগী পথ, আৰচঙ-ডেৰালক সংযোগী পথ নিৰ্মাণ, দুখন উলমা দলং নিৰ্মাণ কৰা বিষয়ৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত প্রদান কৰা গৃহ, অনাময় আঁচনিৰ অধীনত প্ৰদান কৰা শৌচালয়ৰ বিপৰীতে বিজেপি চৰকাৰে হিতাধিকাৰীৰ মাজত প্ৰদান কৰি থকা এটকীয়া চাউলৰ সন্দৰ্ভতো ৰাইজক বিতংভাৱে অৱগত কৰে তিমুঙে। আনহাতে চেৰলংচৰত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত সম্পূর্ণ কৰা ভূমি উন্নয়ন কামৰ শুভ উদ্বোধন কৰে মঙ্গলছিং তিমুঙে।
    

Related Articles

Leave a Reply

Close