অসম

গুৰুজনাৰ গুণানুকীর্তনেৰে মুখৰিত ওদালগুৰিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ

উদুলি মুদুলি পৰিবেশ সত্ৰৰ বাকৰিত

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি

সদ্য ঘোষিত কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তই স্থাপন কৰা ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ভেৰগাঁৱ মহকুমাৰ অন্তৰ্গত বৰঙাজুলি সত্ৰত শনি বাৰৰ পৰা আৰম্ভ হোৱা পালনামৰ দেওবাৰে সন্ধিয়া সফল সামৰণি পৰে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰে ভৰি পৰিছে সত্ৰৰ বাকৰি ৷উদুলি -মুদুলি পৰিবেশ ৷
১৯৯১ চনতে ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাই ভাৰত-ভূটান সীমান্ত অঞ্চলত সত্ৰ স্থাপন কৰি পৰৱৰ্তী সময়ত ২৮ খনতকৈ অধিক সত্ৰ স্থাপন কৰি উত্তৰ অঞ্চলত শংকৰদেৱৰ আদৰ্শ জীয়াই ৰাখিছে ৷
বৰপেটাৰ পৰা আহি সত্ৰ স্থাপন কৰা ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাক দুষ্ট প্ৰকৃতিৰ লোকে সত্ৰ স্থাপন কালত গাট মদ পৰ্যন্ত ধালি দিছল ৷
তাৰ পিছতো তেওঁ নিজৰ স্থিতিত অতল থাকি একেৰাহে ছলাই গৈছিল মহাপুৰুষজনাৰ গুণানুকীৰ্তন ৷
এতিয়া উত্তৰ অঞ্চলটোত বসবাস কৰা অসমীয়া,বড়ো,ৰাভা,নেপালী,আদিবাসী,বঙালী,শৰণীয়া আদি বিভিন্ন জনগোষ্ঠীৰ লোকে ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা যি বাটেৰেই গৈছে সেই বাটতেই সেৱা কৰে জনসাধাৰণে ৷

৯৪ বয়সীয়া হৰেকৃষ্ণ মহন্তই এজন দুৰন্ত যুৱকৰ দৰে এটিয়াও শংকৰী ধৰ্মৰ প্ৰচাৰ কৰি আহিছে ৷

মহন্ত আতাই কেৱল সত্ৰই স্থাপন কৰিছে এনে নহয় অঞ্চলটোত কেইবাখনো প্ৰাথমিক বিদ্যালয়,হাইস্কুল, কলেজ,উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ আদৰ্শৰ লগতে জ্ঞানৰ পোহৰো বিলাই দিছিল এই গৰাকী আতাই ৷

সেয়ে এনেদৰে শিশুৰ পৰা আৱাল বৃদ্ধা,বনিতালৈ এনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লেখিয়াকৈ সেৱা জনাই আহিছে জনসাধাৰণে ৷

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভায়ো আতাক লগ কৰিব অহা দিনৰে পৰা এই গৰাকী মহাপুৰুষক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰঞ্জিত দাস,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীকে ধৰি কেইবাগৰাকী নেতাও এই মহাপুৰুষ জনাৰ চৰণ চুই আঠুলৈ যায়৷

সেয়ে আতা জীয়াই থকা অৱস্থাতে মহন্ত আতা গৰাকীৰ প্ৰতিমুৰ্তি বনাই সেৱা কৰি আহিছে ৷

প্ৰতি বছৰে এনেদৰে পালনাম কৰি আহিছে সত্ৰ পৰিচালনা সমিতিয়ে ৷

উল্লেখ্য যে এই গৰাকী আতা শংকৰদেৱ বঁটা পোৱা যোগ্য বুলি দাবী কৰে উত্তৰ অঞ্চলটোৰ ৰাইজে ৷
চৰকাৰক শংকৰদেৱ বঁটা দিয়াৰ বাবে দাবী জনাই আহিছে যদিওঁ সেয়া চৰকাৰে ঘোষণা কৰা নাই ৷
সেয়ে অতিশীঘ্ৰে শংকৰদেৱ বঁটা দিয়াৰ বাবে দাবী জানাইছে ৷

Related Articles

Leave a Reply

Close