
প্ৰথম খবৰ, জাজৰি: নগাঁও জিলাৰ চকলাঘাটৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰীনাথ মন্দিৰত দেওবাৰৰ পৰা বৰ্ণাঢ্য ধৰ্মীয় অনুষ্ঠানেৰে ৫৪ তম মহা শিৱৰাত্ৰি অাৰু দ্বি বাৰ্ষিক শ্ৰী শ্ৰী ৰূদ্ৰ যজ্ঞ অনুষ্ঠিত হৈছে। নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সোণাইপাৰৰ অাকাশ বতাহ। এই অনুষ্ঠানত দেওবাৰে সন্ধ্যা উপষ্ঠিত হয়হি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। শ্ৰী শ্ৰী ৰুদ্ৰ মহা যজ্ঞ ৰ সমুহ অনুষ্ঠানত সমুহ ভক্তপ্ৰান ৰাইজৰ উপষ্ঠিতি উদযাপন সমিতিয়ে কামনা কৰিছে।