অসমশীৰ্ষ

ঘোঁৰাৰ গাড়ী-ই ৰিস্কাত উঠি কইনা ঘৰ পালে বৰযাত্ৰীৰ দল

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ ,নলবাৰী ,,১০ মাৰ্চ – এখন ব্যতিক্ৰমী বিবাহ । পেট্ৰোল -ডিজেলৰ গাড়ীৰ সলনি প্ৰদূষন মুক্ত বাহনেৰে বিবাহ (নিকাহ) কৰাব গল এগৰাকী সচেতন যুৱকে। নলবাৰীৰ আঠ নম্বৰ ৱাৰ্ডৰ সমাজসেৱক তাইজুদ্দিন আহমেদ আৰু শিক্ষয়িত্ৰী চৈয়দা চামচুন নেহাৰ চৌধুৰীৰ একমাত্ৰ পুত্ৰ তথা নলবাৰী জিলা বিজেপিৰ সম্পাদক তৌফিকুল হক চৌধুৰীয়ে (ৰিংকু) দাঙি ধৰিলে এক বিৰল দৃষ্টান্ত । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খণ্ড সমল ব্যক্তি হিচাপে কৰ্মৰত যুৱক জনে যোৱা নিশা আঠবজাত বিবাহ বান্ধোনত (নিকাহ) আবদ্ধ হল জিলাখনৰ পশ্চিম প্ৰান্তৰ আমনি নিবাসী অৱসৰী হোমিঅ চিকিৎসক ডাঃ আলিমউদ্দিন আহমেদ আৰু চালেহা বেগমৰ কন্যা আৰজুৱাৰা বেগম নামৰ যুৱতী গৰাকীৰ সৈতে ।আধুনিকতাক পৰিহাৰ কৰি আজোককাৰ দিনৰ ইছলামিক পৰম্পৰাগত ৰীতি নীতিৰে নিজৰ বাসগৃহত অনুষ্ঠিত হৈছিল বৈবাহিক বা নিকাহৰ কাম কাজ । উল্লেখ্য যে নিজ গৃহ নলবাৰীৰ জ্যোতি নগৰৰ পৰা কইনা পক্ষই আয়োজন কৰা নিকাহ অনুষ্ঠানলৈ অৰ্থাত নলবাৰীৰ এঘাৰ নম্বৰ ৱাৰ্ডৰ ৰাজনগৰৰ লাভ প্লেনট বিবাহ ভৱনলৈ দৰা তৌফিকুলে ঘোঁৰাৰ গাড়ীত উঠি আৰু ৰাইজৰ লগতে ভনীয়েক চৈয়দা জাহানাৰা বেগমকো (মইনা) ই ৰিস্কাত (বেটাৰি চালিত বাহন) উঠাই লৈ এক ৰজামহাৰজাৰ বিবাহৰ দৰে চমক দিয়াৰ লগতে প্ৰদূষণ মুক্ত পৰিবেশ গঢ়ি তুলিলে। তদুপৰি দৰা যাত্ৰী বিভিন্ন নাচ গান কৰি এক আনন্দময় পৰিবেশ কৰি তোলাই নহয় হিন্দু লোকেও ভাগ লৈ সমন্বয়ৰ বাৰ্তা ও দিছে । নিমন্ত্ৰিত অতিথিৰ লগতে বাটৰুৱাই দৰা যোৱা চাই চাই আমোদ লোৱা দেখা যায় । এই ব্যতিক্ৰমী বিবাহ খনে সমগ্ৰ নলবাৰী চহৰতে চৰ্চা হৈ পৰে । ইফালে দৰা তৌফিকুল হক চৌধুৰী জানিব দিয়া মতে – এয়া তেওঁ চমক বা প্ৰচাৰৰ বাবে নহয় । আমাৰ সমাজ খনক প্ৰদূষণ মুক্ত কৰাৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবেই এনেদৰে ঘোঁৰাৰ গাড়ী আৰু ই ৰিস্কা লৈ নিকাহ কৰাবলৈ যোৱা বুলি কয়। লগতে দৰাই কয় যে ইতিমধ্যে চানি ধৰিছে নানা অবৈধ কল- কাৰখানা আৰু এচাম মানুহৰ স্খলনৰ বাবে । মাথো চৰকাৰক আশা পালি নাথাকি বা চৰকাৰক নেতিবাচক সমালোচনা নকৰি তাক আমি সকলোৱে ঐক্যবদ্ধ ভাৱে ৰোধ কৰি প্ৰদূষন মুক্ত সমাজ গঢ়াৰ প্ৰয়াস কৰিব লাগিব বুলিও দোহাৰি পুনৰ কয় যে ৰাজ্যৰ পৰিবৰ্তনকামী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ আঁচনি লৈছে আৰু ৰূপায়নত আমি সকলোৱে সহযোগ কৰিব লাগিব বুলিও সচেতন যুৱক তথা দৰা চৌধুৰীয়ে মত প্ৰকাশ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close