অসমশীৰ্ষৰাজ্যৰ খবৰ

চাউলৰ দামৰ অংক বুজাই ভানুৰ প্ৰশ্ন- কংগ্ৰেছ লাগে নে বিজেপিক

বাগান চলো কাৰ্যসূচীত MGVK ভানু

প্ৰথম খবৰ ব্যুৰ’:
ভানু: চাউলৰ দাম কিমান এক কেজিত?
শ্ৰমিক: পচিশ টকা
ভানু: চাউলৰ দাম কংগ্ৰেছৰ দিনত কিমান হ’ল?
শ্ৰমিক: তিনি টকা৷
ভানু: কিমান কমিল এক কেজিত?
শ্ৰমিক: বাইশ টকা৷
ভানু: এতিয়া চাউলৰ দাম কিমান?
শ্ৰমিক: এক টকা৷
ভানু: কিমাম কমিল?
শ্ৰমিক: দুই টকা
ভানু: বাইশ টকা কমোৱা কংগ্ৰেছক লাগে নে দুই টকা কমোৱা বিজেপিক লাগে?
বাগিচাই বাগিচাই গৈ চাহ শ্ৰমিকৰ সৈতে এনেকৈ কথা বতৰা পাতিছে তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ এমজিভিকে ভানুৱে৷ বাগান চলো কাৰ্যসূচীত অংশ লৈ কেঁচা পাত তুলি থকা চাহ শ্ৰমিকৰ মাজত এনে কথা বতৰাৰ অৱতাৰণা কৰি কংগ্ৰেছৰ হৈ জোৰদাৰ প্ৰচাৰ অভিযান চলাইছে এমজিভিকে ভানুৱে৷ শুকুৰবাৰে গহপুৰৰ আঠখন চাহ বাগিছাৰ শ্ৰমিকৰ সৈতে মত বিনিময় কৰি ভানুৱে কাৰ্যত বিজেপি আৰু কংগ্ৰেছৰ আমোলৰ কল্যাণমূলক কাৰ্যসূচীৰ তুলনা কৰি ভোটযুদ্ধৰ পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷

Related Articles

Leave a Reply

Close