অসমশীৰ্ষৰাজ্যৰ খবৰ

চৰকাৰী নিযুক্তিৰ গেৰুৱাকৰণ: আছুৱে কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালক?

P&RD Job Scam

প্ৰথম খবৰ ব্যুৰ’:
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ন শতাধিক পদৰ নিযুক্তিত ব্যাপক গেৰুৱাকৰণৰ অভিযোগক লৈ উত্তাল ৰাজ্য৷ মন্ত্ৰী পাটোৱাৰীৰ ভাইবোৱাৰী, মন্ত্ৰী দলেৰ সম্পৰ্কীয় ভাতৃ, বিজেপি নেতা-পালি নেতাৰ পত্নী, খুলশালী, পুত্ৰ, কন্যাকে ধৰি স্বয়ং বিজেপিৰ সৰু বৰ নেতাইও পঞ্চায়তৰ চাকৰি লাভক লৈ সৰ্বত্ৰ হৈ চৈ৷ একাংশই আনকি এয়া কংগ্ৰেছৰ আমোলৰ এপিএছচি কেলেংকাৰীতকৈও ভয়াৱহ কেলেংকাৰী বুলি সৰ্বত্ৰ অভিযোগ আনি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীকে জগৰীয়া কৰিছে৷ মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত দুৰ্নীতি-অনিয়মৰ গুৰুতৰ অভিযোগ অখিল গগৈৰ৷ আনপিনে, ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক তদন্ত কৰি শীঘ্ৰে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে৷ আনপিনে, কেলেংকাৰীৰ তদন্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে কৰিবলৈ দাবী তুলি চৰকাৰী নিযুক্তিৰ গেৰুৱাকৰণত উদ্বেগ ব্যক্ত কৰিছে আছুৱে‍৷ আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে নিৰপেক্ষ তদন্তৰ দাবী তুলি কৈছে এই কথা৷ লক্ষণীয়ভাৱে, জনসংযোগৰ 64 টা পদৰ নিযুক্তিতো ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে৷

Related Articles

Leave a Reply

Close