অসমশীৰ্ষ

চৰকাৰী নিযুক্তিৰ গেৰুৱাকৰণক লৈ উত্তাল ৰাজ্য, গ্ৰামোন্নয়ন মন্ত্ৰী -বিধায়কৰ পুত্তলিকা দাহ

প্ৰথম খবৰ , গুৱাহাটী আৰু নলবাৰী- ৯ মাৰ্চ – ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক্ষোভৰ জুই৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীক লৈ শনিবাৰৰ দিনটোত বিভিন্ন দল সংগঠনে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী৷ আছু, যুৱ ছাত্ৰ, এছএফআই, এনএছইউআই, ছাত্ৰমুক্তি, ঐক্য সেনাকে ধৰি বিভিন্ন দল সংগঠনে ৰাজ্যৰ বিভিন্ন স্থানত ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী৷ ইপিনে,
নলবাৰী সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন পদত হোৱা ব্যপক বিসংগতি তথা স্বজন তোষনৰে হোৱা নিযুক্তিৰ প্ৰতিবাদত তথা এই নিযুক্তিত মানৱ সম্পদৰে ভৰপুৰ নলবাৰী সমষ্টিৰ শ শ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি নলবাৰী জিলাৰ প্ৰায় সকল শীৰ্ষ স্হানীয় বি জে পি নেতাই নিজৰ পৰিয়ালৰ সদস্য সকলক ও পালি নেতা সকলক অনিয়মেৰে নিযুক্তি দিয়াৰ প্ৰতিবাদত আজি পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্রী নৱ দলে আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ প্ৰতিমুৰ্ত্তী দাহ কৰে । লগতে উক্ত নিযুক্তি বাতিল কৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনায় । নলবাৰী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি জ্ঞানদীপ কলিতা,নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যতি হালৈ,নলবাৰী জিলা যুৱ কংগ্ৰেছৰ সম্পাদক উদ্দীপন পাটোৱাৰী,বড়িগোগ বনভাগ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি চামচুল আলমকে ধৰি প্ৰায় শতাধিক যুৱ কংগ্ৰেছ কৰ্মী সকলৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

Related Articles

Leave a Reply

Close