অসমশীৰ্ষ

চৰকাৰ-প্ৰশাসনে চাহ শ্ৰমিকক হত্যা কৰিছে: পৱন সিং ঘটোৱাৰ

চুলাই মদৰ বিষক্ৰিয়াত আক্রান্ত ৩৫ শ্ৰমিকৰ ৰাজহুৱা শ্ৰাদ্ধ সম্পন্ন

চিত্তকমল বেজবৰা, তিতাবৰ, ১১ মাৰ্চ:

ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ চূড়ান্ত অৱহেলাৰ বাবেই তিতাবৰৰ ৩৫ জন চাহ শ্ৰমিকক বিষাক্ত চুলাই মদ খুৱাই হত্যা কৰা হল। এই হত্যাৰ দায়িত্ব ৰাজ্য চৰকাৰেই লব লাগিব। এই অঞ্চল সমূহত যি চুলাই মদ বিতৰণ চলিছিল ইয়াত সম্পূৰ্ণৰূপে স্থানীয় প্ৰশাসন আৰু আবকাৰী বিভাগে সহযোগ কৰিছিল। অন্যথা এনে কাণ্ড সংঘটিত হোৱাটো অসম্ভৱ। আবকাৰী বিভাগ আৰু স্থানীয় প্ৰশাসনৰ লগত চুলাই বেপাৰীৰ গোপন বুজাবুজি থকাটো নিশ্চিত। আজি তিতাবৰৰ বৰহোলাত উপস্থিত হৈ এইদৰেই মন্তব্য কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘটোৱাৰে। চাহ জনজাতি ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ আৰু স্থানীয় বৰহোলা চাহ বাগিচাৰ উদ্যোগত বৰহোলা চাহ বাগিচা খেল পথাৰত অনুষ্ঠিত কৰা ৩৫ জনকৈ শ্ৰমিকৰ ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠান আৰু সজাগতা তথা সংকল্প অনুষ্ঠানত অংশগ্ৰহণ কৰি সংঘৰ নেতাজন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ইফালে অনুষ্ঠানত অংশ লৈ আটচাৰ সভাপতি পৱন বেদিয়াই ৰাজ্যৰ বাগিচা অঞ্চল সমূহৰ পৰা হোৱা নিৰ্মূল কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে বাগিচাৰ ৰাইজক সজাগ হবলৈ আহ্বান জনায়। আটচাৰ সহকাৰী সম্পাদক ধীৰাজ গুৱালাই কয় যে চৰকাৰ প্ৰশাসনে সমগ্ৰ ঘটনা গাপ দিয়াৰ বৃথা চেষ্টা অব্যাহত ৰাখিছে। চুলাই মদৰ ট্ৰেজিক কাহিনীৰ তদন্ত ঘোষণা কৰিয়ে দায় সামৰা চৰকাৰে ইয়াৰ উত্তৰ দিবই লাগিব বুলি উল্লেখ কৰি অতি সোনকালেই আবকাৰী বিভাগৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ঘেৰাও কৰি ইয়াৰ উত্তৰ বিচাৰিব বুলি কাৰ্যসূচী ঘোষণা কৰিছে। আবকাৰী বিষয়াৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰি দুৰ্নীতিগ্ৰস্ত বিষযাক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত বদলিকৰণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি ঘটনাৰ লগত জড়িত প্ৰতিজন আবকাৰী বিষয়াক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। অনুষ্ঠানটোতে সকলো ৰাইজক লগত লৈ সন্মুখত ধৰ্মীয় পুথি পাঠ কৰাই সকলো ৰাইজে সুৰামুক্ত বাগিচা হিচাপে নিজৰ বাগিচা খন গঢ় দিবলৈ সংকল্প গ্ৰহণ কৰে। চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সম্পাদক, তিতাবৰ সভাপতি সম্পাদক ক্ৰমে বিলাতী তাঁতী আৰু নগেন কুৰ্মী, বাগিচাৰ পৰিচালক, গোলাঘাট জিলাৰ পৰা অহা সংঘ আৰু আটচাৰ বহুকেইজন নেতা কৰ্মীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি নিহত সকললৈ শ্ৰদ্ধাঞ্জলিৰ জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close