অসমশীৰ্ষৰাজ্যৰ খবৰ

জালুকবাৰী সমষ্টিক এক নম্বৰ সমষ্টি আখ্যা কিয় শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ?

পঙ্কজ নাথ, চাংসাৰি, ১০ মাৰ্চ :

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ চাৰিওফালে এতিয়া আধাৰশিলা স্থাপনৰ ৰাজনীতি তুংগত তুলিছে ৰাজনৈতিক দল সমূহ। ভোটাৰ ৰাইজৰ মন মোহিবলৈ প্ৰতিটো দলেইে ৰচিছে নিজা নিজা ৰণকৌশল। আধাৰ শিলাৰ ৰাজনীতিত সকলোতকৈ আগত শাসনাধিষ্ঠ বিজেপি দল থকাৰ কথা ৰাজ্যৰ সংবাদ মাধ্যম ও জনসাধাৰণৰ মাজত চৰ্চিত হৈ আছে । লোকসভা নিৰ্বাচনৰ অধিসুচনা জাৰি কৰাৰ প্ৰাকমুহূৰ্তত আজি কামৰূপ জিলাৰ বেজেৰাত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই স্নাতক শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (বি.এড. কলেজ) ৰ আধাৰশিলা স্থাপন কৰে। আজি ৰবিবাৰে বেজেৰা আঞ্চলিক হাইস্কুলৰ চৌহদত স্থাপন হবলগীয়া এই কলেজ খনৰ আধাৰশিলা স্থাপনৰ অনুস্থানটিত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাও।এই আধাৰ শিলা অনুষ্ঠানৰ পিছতে দুয়োগৰাকী মন্ত্ৰীয়ে আধাৰশিলা লগত সংগতি ৰাখি বিজেপিৰ বেজেৰা মণ্ডল উদ্যোগত এখন ৰাজহুৱা সভা উদ্ধোধন কৰে। এই সভাত শিক্ষামন্ত্ৰী ভট্টাচাৰ্য্যই জালুকবাৰী সমষ্টি ৰাজ্য ৰ ভিতৰতে ১নং সমষ্টি বুলি কোৱাৰ লগতে হিমন্ত বিশ্ব শৰ্মা ক প্ৰশংসাৰে উপচাই পেলায়।আনহাতে, হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী শাসনাধীত চৰকাৰখনে অৰুন্ধতী, বৃদ্ধ পেঞ্চন, অটল অমৃত, সৌভাগ্য আদি ভিন্ন অভিলাষী আচনিৰে ৰাইজক উপকৃত কৰি আহিছে বুলি নিজৰ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে । জালুকবাৰী সমষ্টিৰ বেজেৰাত আগন্তুক লোকসভা নিৰ্বাচনী ৰণডংকা বজায় তেওঁ দেশত আকৌ এবাৰ মোডী চৰকাৰ আহিব বুলি কৈ বলিষ্ঠ শ্লোগ্নানেৰে মন্ত্ৰী শৰ্মাই উন্নয়নৰ ধাৰা পূৰ্বতকৈ আৰু অধিক ক্ষীপ্ৰতাৰে আগুৱাই নিব বুলি ৰাইজক উদ্দেশ্যি নিৰ্বাচনী প্ৰতিশ্ৰুতিমূলক ভাষণ আগবঢ়াই । এই সভাখনত ৰাজ্যিক বিজেপি সম্পাদক দিলীপ শইকীয়া, বিজেপি নেতা অশোক সিংঘাল, দিগন্ত কলিতা, অনিল ৰাজ ডেকা,লভাস্কৰ জ্যোতি কলিতা, মনোজ কাকতি, ৰমণী মোহন ডেকাকে ধৰি ভালেসংখ্যক দলীয় নেতা কৰ্মীৰ লগতে যথেষ্ট সংখ্যক বিজেপি কৰ্মী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close