ৰাষ্ট্ৰীয়

তামিলনাডুত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, আহত ২১, নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা

প্ৰথম খবৰ: তামিলনাডুৰ ৰামনাথপুৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা৷ তিনিখনকৈ বাহনৰ সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোৰ ফলত দুজন ব্যক্তি থিতাতে নিহত হোৱাৰ বিপৰীতে ২১জনকৈ যাত্ৰী আহত হৈছে৷ আজি পুৱাৰ ভাগত ৰামনাথপুৰ জিলাৰ উচিপুল অঞ্চলৰ ৰাজপথত এই দুৰ্ঘটনা সংঘটিত হয়৷ সংকটজনক অৱস্থাত কেইবাজনো লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে একাংশই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close