নিবন্ধমহিলা

তুমি অনন্যা

পম্পী স্বৰ্গাৰী

‘পাখি থকা সপোনত দেও লাগিব নিদিয়া জনী বাৰু কোন
তাইৰ প্ৰিয় সপোনত জিলিকিব পৰাকৈ ডিঙা মেলা নাওঁখনি আচলৰ মুকুতাৰে বোৱাই দিয়ে।’

পুৰুষতান্ত্ৰিক সমাজতো নাৰীৰ নাৰীৰ প্ৰতি থকা দৃষ্টিভংগী মন কৰিবলগীয়া | ” নাৰীয়েই যে নাৰীৰ প্ৰতি অন্তৰায় ” সেই কথা সম্পূৰ্ণ ৰূপে সমাজত প্ৰতিফলিত হৈ অহা দেখা গৈছে | সকলো সময়তে নাৰী এগৰাকীয়ে আন এগৰাকী নাৰীৰ প্ৰতি অন্তৰায় হিচাপে ঠিয় দি অহা দেখা যায়। বয়সন্ধি কালছোৱাত যেতিয়া বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণীয় হৈ যায় সেই সময়ছোৱাৰ পৰাই নাৰীৰ প্ৰতি নাৰীৰ অন্তৰায় ভাবটোৱে পাতনি মেলা যেন অনুভৱ হয়। সেই সময়ছোৱাৰ পৰাই লাহে লাহে সেই ভাৱে পোখা মেলে। তেনেধৰণৰ উদাহৰণ হিচাপে আমি চাব পাৰো দুগৰাকী ছোৱালীৰ প্ৰতি থকা মনোভাৱ ; কিছুমান বিশেষ তথ্য যদি গ’ম পাই তেতিয়া নিজৰ লগৰ গৰাকীক নকয় যাতে গম পালে লগৰ গৰাকী আগবাঢ়ি যাব। পৰীক্ষা কেন্দ্ৰতো কোনোধৰণৰ কথাই আলোচনা নকৰে যদি কোনো বিষয় আলোচনা কৰে তেতিয়া লগৰ গৰাকীয়ে নজনা কোনো কথা মুখৰ পৰা উলাই যাব তেতিয়া লগৰ গৰাকীয়ে পৰীক্ষাত বেছি নম্বৰ পাই যাব। ইয়াৰ উপৰিও নিজে পঢ়া ৰ পাছত আনক পঢ়িবলৈ নিদিয়া ছোৱালী য়ো নথকা নহয়। সকলোৱে পঢ়াৰ সময়ত চিঞৰ বাখৰ, গান গাই, নাচি বাগি, এটি পঢ়িব নোৱৰা পৰিবেশৰ সৃষ্টি কৰি তোলে আৰু নিজে যেতিয়া সকলো শুই যায় তেতিয়া পঢ়ে। আকৌ কেতিয়াবা সময়ত ক’ব ইমান পঢ়ি ছ, কি পঢ়ি ছ, এই বাৰ 1st class যাবি মানে ইত্যাদি ইত্যাদি। মুঠৰ ওপৰত এয়াই ছোৱালীয়ে ছোৱালীৰ প্ৰতি থকা হিংসা। সেই হিংসাই ছোৱালী এগৰাকীক সম্পূৰ্ণ ৰূপে স্বাৰ্থপৰ কৰি তোলে।
তাৰ বিপৰীতে ল’ৰা বা বিপৰীত লিংগৰ প্ৰতি একেধৰণৰ মন্তব্য দেখা নাযায়। থাকিলেও খুব কম পৰিমাণে দেখা যায়।
বৰ্তমান আমাৰ সমাজত প্ৰায়ে দেখা যায় যে বোৱাৰী আৰু শাহুৰৰ মাজত সকলো সময়তে ঘৰুৱা কাজিয়া সৃষ্টি হৈয়ে থাকে। যিখন কাজিয়াৰ ঘৰৰ আন আন সদস্যসকল এনেই সোমাই পৰে। ঘৰুৱা যিকোনো কামতে হওঁক বা আন বেলেগ ধৰণৰ কামেই হওঁক কিবা নহয় কিবা খুট উলিয়াই থাকে এগৰাকী য়ে আন এগৰাকীৰ ওপৰত। সময়ৰ পৰিৱৰ্তনৰ লগতে সমাজ পৰিৱৰ্তন হয়। সমাজ পৰিৱৰ্তন হোৱাৰ লগতে মানুহৰ থকা খোৱাতো পৰিৱৰ্তন হয়। এইবোৰৰ পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহৰ মনবোৰো পৰিৱৰ্তন হয়। কিন্তু সেই কথা আমাৰ সমাজত কিছু কিছু মহিলাই মানি ল’ৱলৈ বাধ্য নহয় বাবে বিভিন্ন ধৰণৰ গৃহ কন্দল হোৱা দেখা যায়। তেনে উদাহৰণ বহুতো আছে । যান্ত্ৰিকতাৰ পৃথিৱীত সকলো মানুহ ৰে সময় নাই ৰৈ থাকিবলৈ । যন্ত্ৰৰ দৰে সকলোৱে আগুৱাই যায়। যন্ত্ৰৰ লগত মিলাবলৈ যাওঁতে কেতিয়াবা কিছুমান নিয়ম নীতি এৰিব লগীয়া হয়। কিন্তু তাতে লাগে গেণা টো শাহুৱে নিবিচাৰে পুৰণি নীতি নিয়ম এৰাটো ।কেতিয়াবা খৰ খেদাতে পুৱাৰ মন্দিৰত ধূপ ডাল জ্বলাবলৈ থাকি গ’লেই ক’ব আমাৰ বোৱাৰী জনী লক্ষণ নাই, পুৰণি নীতি নিয়ম এৰিলে ।এইবোৰ বোৱাৰী ৰ নামত কলংক । প্ৰায় ক্ষেত্ৰতে আজি কালি শাহু বোৱাৰীৰ মাজত এনেধৰণৰ মতবিৰোধ হোৱা দেখা যায়। আধুনিকতাৰ আঁৰৰ ভাললগাবোৰ ভাবি গলেই সকলো সুকলমে চলিব মাথোঁ উৰিব দিয়া চৰাইজনীক বান্ধি থোৱা এটি সপোন আধৰুৱা নকৰিবা।

Related Articles

Leave a Reply

Close