অসমশীৰ্ষ

তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ

দুধনৈত সুৰৰ গধূলি অনুষ্ঠানৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, ২৪ মাৰ্চ# “তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ”, পুলক বেনাৰ্জীৰ এই জনপ্ৰিয় গীতটিৰ দৰেই কেবাটাও জনপ্ৰিয় গীতেৰে মুখৰিত হ’ল দুধনৈৰ জনমন্দিৰ সাংস্কৃতিক ভৱন প্ৰাঙ্গণ।বৃহত্তৰ দুধনৈ অঞ্চলত এক সুস্থ সাংস্কৃতিক পৰিবেশ গঢ়ি তোলাৰ লগতে ন-পুৰণি শিল্পীক এখন মঞ্চ দিয়াৰ মানসেৰে দুধনৈৰ বুকুত জন্ম হোৱা “সুৰৰ গধূলি” অনুষ্ঠানৰ তৃতীয় বৰ্ষপুৰ্তি অনুষ্ঠানৰ বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট শিল্পী ৰমাকান্ত খাখলাৰী দেৱে। ইয়াৰ পিছতে সুৰৰ গধূলি পৰিয়ালৰ পৰা আতঁৰি যোৱা সদস্য ক্ৰমে প্ৰয়াত জয়দেৱ দাস, উমানাথ গেৱালী, টিকেন্দ্ৰজিৎ হাজৰিকা, পবিত্ৰজ্যোতি ৰাভা, হিতেশ দাস,সোমেশ্বৰ ৰাভা আৰু হেমেন ভকতৰ আত্মাৰ সদ্গতিৰ বাবে তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে কাশ্মীৰ সীমান্তত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। কেবাটাও জনপ্ৰিয় গীতেৰে দৰ্শকক আপ্লুত কৰা পুলক বেনাৰ্জীক উদ্যোক্তা সমিতিৰ তৰফৰ পৰা বিহুৱান, ৰাভা জনগোষ্ঠীৰ পাজাৰ ,বড়ো জনগোষ্ঠীৰ আৰনাই, ৰাজবংশী সকলৰ আওচা আদিৰে আদৰণি জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ আৰু পিতলৰ জাপিৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাচতে আমন্ত্ৰিত শিল্পী ক্ৰমে- অনিমেশ পাল,দীক্ষা হাজৰিকা, হায়েন্সা হাজোৱাৰী, ৰীণা দৈমাৰী মৃণাল ৰাভা নিলাক্ষী শালৈ, আৰু সুস্মিতা দাসে গীত পৰিবেশন কৰাৰ লগতে দেৱৰাজ ৰাভাৰ বাঁহী বাদন,দিলীপ নাথৰ কবিতা আবৃতি আৰু প্ৰাণজিত বসুমতাৰীৰ পৰিচালনাত দলীয় নৃত্য পৰিবেশন কৰা হয়।

Related Articles

Leave a Reply

Close