অসমশীৰ্ষ

তেজপুৰত ভানু নহয়, গগৈৰ পচন্দৰ প্ৰাৰ্থী টংক বাহাদুৰ ৰায়

প্ৰথম খবৰ ব্যুৰ’:
তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে শক্তিশালী দাবীদাৰ এমজিভিকে ভানু৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰো পচন্দৰ প্ৰাৰ্থী ভানু৷ কিন্তু ভানু প্ৰাৰ্থিত্ব বিচৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে৷ গগৈৰ পছন্দৰ প্ৰাৰ্থী হৈছে টংক বাহাদুৰ ৰায়৷ আনকি, টংক বাহাদুৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানৰ হাই কমাণ্ডকো অৱগত কৰিছে গগৈয়ে৷ কেৱল তেজপুৰ বুলিয়ে নহয়, মঙলদৈ, বৰপেটা আৰু ধুবুৰীৰ প্ৰাৰ্থীক লৈও গগৈ একমত নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে৷ শীঘ্ৰেই ঘোষণা কৰিবলগীয়া কংগ্ৰেছৰ প্ৰাৰ্থীতালিকাত শেষ মূহূৰ্তত গগৈৰ মতেই কেইবাটাও সমষ্টিত সলনি হ’ব পাৰে প্ৰাৰ্থী৷ তেজপুৰতো ভানুৰ পৰিৱৰ্তে আহিব পাৰে টংক বাহাদুৰ ৰায়৷ মূলত তেজপুৰত গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰৰ একছেটিয়া ভোটৰ অংকতো টংক বাহাদুৰ ৰায়ৰ নাম চৰ্চালৈ আনিছে কংগ্ৰেছৰ আন এটা গোটে৷

Related Articles

Leave a Reply

Close