অসমশীৰ্ষৰাজ্যৰ খবৰ

তেজপুৰ সমষ্টিত কিয় প্ৰাৰ্থী হ’ব মন্ত্ৰী হিমন্তবিশ্ব? তেজপুৰক লৈ কি আচল অংক ড: শৰ্মাৰ?

প্ৰথম খবৰ ব্যুৰ’:
ৰাজনীতিৰ অংক ভালকৈয়ে জানে মন্ত্ৰী হিমন্তবিশ্বই৷ ৰাজ্যৰ ৰাজনীতিৰ পৰা দেশৰ ৰাজনীতিলৈ মন মেলা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হ’লে তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ চৰ্চাৰ আঁৰত কি? বিজেপি দলৰ সাংসদ হিচাপে আৰ পি শৰ্মাই প্ৰতিনিধিত্ব কৰা তেজপুৰ সমষ্টিতেই কিয় নিৰ্বাচন খেলাৰ চৰ্চা চলিছে? বিজেপি দলত ড: শৰ্মাৰ স্থিতিলৈ চাই যিকোনো এটা সমষ্টিত নিৰ্বাচনী প্ৰাৰ্থিত্ব লাভ কৰাটো একো কথাই নহয়, আনপিনে, জয়লাভৰ ক্ষেত্ৰতো হয়তো বিশেষ সমস্যা নোহোৱাকৈ আগবাঢ়িব পাৰিব অসমৰ নিৰ্বাচনী ৰাজনীতিৰ সুচতুৰ ৰাজনীতিকজনে৷ তেনেহ’লে তেজপুৰতেই চকু কিয় মন্ত্ৰী শৰ্মাৰ? 1957 চনৰ পৰা তেজপুৰ লোকসভা সমষ্টিত মাত্ৰ দুবাৰহে অগপ আৰু বিজেপিৰ সাংসদ নিৰ্বাচিত হৈছে সমষ্টিটোৰ পৰা৷ এবাৰ অগপৰ যোচেফ তপ্প’ আৰু বিগত নিৰ্বাচনত আৰ পি শৰ্মাক বাদ দি বাকী সময়চোৱা কংগ্ৰেছৰ দখলত আছে সমষ্টিটো৷ এনে অৱস্থাত অৱশ্যে লোকসভা সমষ্টিটোৰ বৰছলা, ঢেকীয়াজুলি, বিশ্বনাথ, চতিয়া, বিহালী, ৰঙাপৰা, বিহপুৰীয়া, তেজপুৰ আৰু গহপুৰ সমষ্টিৰ ভিতৰত কেৱল তেজপুৰ অগপৰ দখলত থকাৰ বাদে বাকী আটাইকেইটা বিধানসভাই আছে বিজেপিৰ দখলত৷ এনে অৱস্থাত বিজেপিৰ বাবে তেজপুৰত প্ৰতিদ্বন্দিতা বিশেষ কষ্টকৰ নহয়৷ কিন্তু মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কেৱল সহজে জয়লাভ কৰিব পৰা সমষ্টি হিচাপে তেজপুৰ বাচনি কৰিব খোজা নাই৷ মন্ত্ৰী হিমন্তবিশ্বৰ দিল্লী যাত্ৰাৰ পথ এনেয়েও মসৃণ যদিহে ৰাজ্যসভাৰ সাংসদ হিচাপে যোৱাৰ সুযোগ গ্ৰহণ কৰে, কিন্তু বিগত সময়চোৱাত নেডাৰ আহ্বায়ক হিচাপে, অথবা বেডমিণ্টন সন্থাৰ সভাপতিৰূপে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচয় গঢ়া হিমন্তবিশ্বৰ দিল্লীত পদাৰ্পণ নায়কোচিত হোৱাৰ প্ৰয়োজন আছে৷ তেনে কৰিবলৈ হ’লে অভিলেখসংখ্যাক ভোটত জিকি সাংসদ নিৰ্বাচিত হ’লে সেই কাৰ্য অনায়েসে সমাধান হয়৷ মন্ত্ৰী ড: শৰ্মাৰ এনে অভিপ্ৰায় বা ইচ্ছাৰ কথা কাহানিও মুখ খুলি নকলেও এনে চৰ্চা এতিয়া ৰাজনৈতিক পৰ্যবেক্ষক মহলত৷ দিল্লীৰ দৰবাৰত চকুত লগা ফলাফলেৰে দিল্লী যাত্ৰা হয় নে নহয়, সেয়া নিৰ্ভৰ কৰিব প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় বিজেপি দলে? লক্ষণীয় কথা এয়াই যে মন্ত্ৰী হিমন্তবিশ্বৰ ওচৰৰ সমষ্টিৰূপে পৰিচিত মঙলদৈ বা গুৱাহাটীত প্ৰতিদ্বন্দিতা কৰিলে জয়লাভৰ ক্ষেত্ৰত সমস্যা নহ’লেও সমষ্টি দুটাৰ জনগাঁথনিৰ বাবেই অভিলেখ সংখ্যাক ভোটত জিকাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ তাতে মঙলদৈ আৰু গুৱাহাটীত মন্ত্ৰী শৰ্মাৰে ঘনিষ্ঠ বিজেপি নেতা জয়ন্তমল্ল বৰুৱাও প্ৰাৰ্থিত্বৰ দাবীদাৰ৷ এনে অৱস্থাত তেজপুৰ লোকসভাৰ নিৰ্বাচনত মন্ত্ৰী শৰ্মাৰ হৈ সৰ্বশক্তি উজাৰি দিব পৰাকৈ পল্লৱ লোচন দাস, পদ্ম হাজৰিকা, ৰাজেন বৰঠাকুৰ আদিকে ধৰি বহু নেতা আছে৷ সমষ্টিটোৰ যুৱচামৰ মাজতো আছে সাংঘাটিক জনপ্ৰিয়তা৷ গতিকে, তেজপুৰত প্ৰতিদ্বন্দিতাৰে ৰাষ্ট্ৰীয় নেতৃত্বক চমকিত কৰিব পৰা ফলাফলৰ অংকতেই তেজপুৰত যদি ড: শৰ্মা বিজেপিৰ প্ৰাৰ্থী হয়, তেন্তে আচৰিত হ’বলগীয়া নাথাকিব৷ অৱশ্যে তেজপুৰত শৰ্মাৰ প্ৰাৰ্থিত্বক লৈ ৰাজনৈতিক মহলত ব্যাপক গুণাগঁথা চলিলেও নিজে প্ৰতিদ্বন্দিতা কৰাৰ কথা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোৱা নাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close