অসম

দুধনৈত জনজাতীয় লোকনৃত্যৰ কৰ্মশালা

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-নৃত্য-গীতৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ বাবে ২০০৭ চনতে দুধনৈৰ সাংস্কৃতিবান ব্যক্তি তথা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰ প্ৰাপ্ত উপ সঞ্চালক মুকুল ৰাভাৰ ঐকান্তিত প্ৰচেষ্টাত গঢ় লৈ উঠা চৰকাৰী পঞ্জীয়ন ভূক্ত “বাইচিংকিয়া সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত আৰু অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অনুন্নত শ্ৰেণীৰ কল্যাণ বিভাগৰ সঞ্চালকৰ সৌজন্যত আজিৰ পৰা ৮ মাৰ্চলৈ তিনিদিয়াকৈ আৰম্ভ হৈছে জনজাতীয় লোক নৃত্যৰ কৰ্মশালা।

ৰাভা, তিৱা, কাৰবি, হাজং আৰু বিহুনৃত্যৰ কৰ্মশালা উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত কৰ্মশালাৰ বন্তি প্ৰজ্জ্বলন কৰে কৰে দুধনৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৰ্মী মেধীয়ে। বাইচিংকিয়া সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মুকুল ৰাভাই আঁত ধৰা অনুষ্ঠানটোত বিগত ১২ বছৰে বিভিন্ন জনগোষ্ঠীয় লোক-নৃত্য আৰু গীতৰ বিকাশৰ বাবে এই সাংস্কৃতিক গোষ্ঠীটোৱে ধাৰাবাহিক ভাবে কাম কৰি অহাৰ কথা উল্লেখ কৰে বন্তি প্ৰজ্জ্বলক উৰ্মী মেধীয়ে। ইতিমধ্যে এই গোষ্ঠীটোৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত বহু যুৱক যুৱতীয়ে অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ বহু ঠাইত অসমৰ চহকী সংস্কৃতি প্ৰদৰ্শন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।

কৰ্মশালা খনিত কাৰবি আৰু তিৱা লোকনৃত্যৰ প্ৰশিক্ষক হিচাবে মৰিগাওঁৰ মানিক টেৰণ,বশিষ্ঠ ইংতি,কনক ক্ৰ, মনোৰঞ্জন শইকীয়া(ঢোলবাদক), ৰুক্মিণী ইংতিপি, বিহু নৃত্যৰ বাবে জ্যোতি বিকাশ বৰা, নিভামনি বৰুৱা, ৰাভা নৃত্যৰ বাবে অৰুণ ৰাভা আৰু হাজং নৃত্যৰ বাবে ভৱেশ হাজং প্ৰশিক্ষক হিচাবে আহিছে। এই কৰ্মশালা খনিত দুধনৈৰ বাহিৰেও ৰংজুলি,কৃষ্ণাইৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

Related Articles

Leave a Reply

Close