অসম

দুধনৈত “নামনি অসম আসাম ৰাইফলচ প্ৰাক্তন কৰ্মচাৰী সন্থাৰ”প্ৰতিষ্ঠা দিৱস

প্ৰথম খবৰ দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী: ভাৰতবৰ্ষৰ সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় ভুমিকা গ্ৰহণ কৰা আসাম ৰাইফলচৰ প্ৰাক্তন সেনা জোৱান সকলৰ দ্বাৰা ২০১১ চনতে গঠন কৰা “নামনি অসম আসাম ৰাইফলচ প্ৰাক্তন কৰ্মচাৰী সন্থাৰ” প্ৰতিষ্ঠা দিৱস আজি দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱন প্ৰাঙ্গণত দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী মৰ্মে আজি ৰাতিপুৱা ৯ বজাত সন্থাৰ সভাপতি চুবেদাৰ সূৰ্য কুমাৰ বড়োৱে ভাৰতবৰ্ষৰ জাতীয় পতাকা উত্তোলন কৰাৰ সমান্তৰাল ভাবে আসাম ৰাইফলচৰ পতাকা উত্তোলন কৰে চুবেদাৰ ৰেৱতী পাটগিৰিয়ে। ইয়াৰ পিচতে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে ৰাইফলচৰ প্ৰাক্তন সেনা জোৱান নিৰ্ভয় কছাৰীয়ে। দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ জোৱান সকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই “ভাৰত মাতা কি জয়” ধ্বনি দিয়ে। ইয়াৰ পিচতে আৰম্ভ হয় মুল সভা। নামনি অসম আসাম ৰাইফলচ কৰ্মচাৰী সন্থাৰ সম্পাদক অজয় কুমাৰ ৰাভাই আঁত ধৰা সভাত সভাপতিত্ব কৰে সন্থাৰ সভাপতি সূৰ্য কুমাৰ বড়োয়ে। সভাত প্ৰাক্তন সেনা জোৱান সকলে পাবলগীয়া বিভিন্ন সা- সুবিধা সমুহৰ লগতে প্ৰাক্তন জোৱান সকলে পাই অহা অভাব অভিযোগ সমুহৰ বিষয়ে বিতং ভাবে আলোচনা কৰা হয়। ৰেগুলাৰ সেনা জোৱান সকলে পাই অহা পেঞ্চনৰ সমপৰ্যায়ৰ পেঞ্চন প্ৰাক্তন সেনা জোৱান সকলে পোৱাৰ বাবে দাবী জনোৱাৰ উপৰিও প্ৰাক্তন সেনা জোৱান সকলৰ উপযুক্ত ল’ৰা ছোৱালীক চাকৰিত নিযুক্তি দিয়া, স্বাস্থ্য সেৱা নিয়মীয়া কৰণ কৰা, চিএছ ডি কেন্টিনৰ সুবিধা প্ৰদান কৰা, প্ৰয়াত সেনা জোৱানৰ বিধবা পত্নী সকলৰ বাবে পেঞ্চনৰ কাম খৰটকীয়া কৰা ইত্যাদি বিষয় সমুহৰ ওপৰত আলোকপাত কৰা হয়। নামনি অসমৰ মুঠ ১৮৩ গৰাকী প্ৰাক্তন সেনা জোৱান থকা এই সন্থাটোক অতি সোনকালে আসাম ৰাইফলচৰ বিভাগীয় কতৃপক্ষৰ পৰা মান্যতা দিয়াৰ দাবী জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰক প্ৰাক্তন সেনা জোৱান সকলৰ অভাব অভিযোগ সমুহ সমাধান কৰাৰ বাবে দাবী জনায়। সভাত সন্থাৰ উপ-সভাপতি গোকুল বড়ো, ধনঞ্জয় ৰাভা, চুবেদাৰ কৈলাশ বড়ো উপস্থিত থকাৰ উপৰিও প্ৰাক্তন সেনা জোৱান সকলৰ লগতে পৰিয়ালবৰ্গ উপস্থিত থাকে। সন্ধিয়া সেনাবাহিনীৰ নিয়ম অনুযায়ী পতাকা অবনমন কৰি অনুষ্ঠানৰ সামৰণ মৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close