অসমশীৰ্ষ

দুধনৈৰ ৰাজপথত অসমৰ সংকটৰ কথা, খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ কথা শুনিবলৈ আৰু শুনাবলৈ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, ২৭মাৰ্চ :- বাংলাদেশীৰ বিৰুদ্ধে সঘনাই মাত মাতি অহা মহামান্য উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা উপমন্যু হাজৰিকাই এইবাৰ ভৰি দিছে ৰাজনীতিত ।খিলঞ্জীয়াৰ ভোটত নিৰ্বাচিত হোৱা প্ৰতিনিধিয়ে খিলক্ঞ্জীয়াৰ স্বাৰ্থ আগত ৰাখিব লাগিব কোনো বিদেশীৰ নহয়। অসমৰ কথা খিলঞ্জীয়াৰ কথা শুনিবলৈ শুনাবলৈ দিল্লীত মাত লাগে,সংসদত মাত লাগে। এই ইছুটোকে আগত ৰাখি প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক গৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। যাৰ বাবে দুধনৈৰ ৰাজপথত ৰাইজৰ মাজত এক ব্যতিক্ৰমী প্ৰচাৰ চলোৱা দেখা গৈছে ৷ হাতত “নিৰ্বাচনী আহ্বান” নামৰ এখন পুস্তিকা বিলাই ফুৰিছে ৰাইজৰ মাজত। অসমীয়া জাতিৰ ঘোৰ সংকটৰ সময়ত খিলঞ্জীয়াৰ একাংশ অধিকাৰ সন্নিৱিষ্ট কৰা কিছু গুৰুত্ৱপুৰ্ণ তথ্য লিখিত ৰূপত থকা এখন পুস্তিকা ভোটাৰ ৰাইজৰ মাজত বিতৰণ কৰিছে ৷ বিশেষকৈ বাংলাদেশী বা অবৈধ অনুপ্ৰৱেশকাৰী বিৰোধীতা আৰু খিলঞ্জীয়াৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতিৰে এইবাৰৰ নিৰ্বাচনত নামি পৰিছে জেষ্ঠ্য অধিবক্তা গৰাকী ।তেখেতৰ নিৰ্বাচনী মূল ইছু হ’ল “বাংলাদেশী বা বিদেশী”মুক্ত এখন অসম। ৷ তেখেতে অসমৰ প্ৰধান ৰাজনৈতিক দল কেইটাৰ বিৰুদ্ধে অভিযোগ আনি কয় যে,নিৰ্বাচনৰ পূৰ্বে ঠিকেই জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে কিন্তু চৰকাৰ গঠন কৰাৰ পিছত সেইবোৰ ফুটুকাৰ ফেনত পৰিণত হয়। প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকে।পালন নকৰে।
তেওঁ এন আৰ চিত ৬০ লাখ বিদেশীৰ নাম অন্তভুৰ্ক্ত হৈছে বুলিও বিস্ফোৰক অভিযোগ কৰে ৷যি সকল লোকে এন আৰ চিৰ পৰা বাদ পৰিছে সেই সকলক অন্তৰ্ভুক্ত কৰিবৰ বাবে আটাইকেইটা দলে তৎপৰতা দেখুইছে বুলিও গুৰুতৰ অভিযোগ কৰে।অসমত ৮০ লাখৰো অধিক বিদেশী অসমত থকাৰ কথা চৰকাৰী ভাবে মানি লোৱাৰ পিচতো এন আৰ চি পুনৰীক্ষণৰ কামত আগ্ৰহ দেখুওৱা পৰিলক্ষিত হোৱা নাই। বৰ্তমান সময়ত কোনো ৰাজনৈতিক দলেই খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে আগবাঢ়ি অহা নাই, সকলো দল ভোটৰ স্বাৰ্থত বিদেশীৰ লগত আছে। খিলঞ্জীয়া সকল আজিৰ তাৰিখত নিৰ্দলীয় হৈ পৰিছে ৷
কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কত তেওঁ কয় দুয়োটা দলৰে মূল ভোটাৰ বাংলাদেশী ৷ বাংলাদেশী ভোটাৰক মূল ভেটি হিচাপে লৈ তেওঁলোকে নিৰ্বাচন খেলি আহিছে ৷ তেওঁলোকে খিলঞ্জী‍য়াৰ স্বাৰ্থৰ কথা,অস্তিত্বৰ কথা কেতিয়াওঁ চিন্তা নকৰে ৷ কংগ্ৰেছে অতি কৌশলেৰে CAB ৰ বিৰোধিতা কৰিছিল কিন্তু সেই দলটোৰ চৰকাৰ থাকোতে তৰুণ গগৈয়ে ২০ জুলাই ২০১৫ চনলৈকে যি সকল বিদেশী আহিছিল সকলোকে নাগৰিকত্ব দিবৰ বাবে সাজু আছিলে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাজৰিকাই ৷
এজিপি, বিজেপি দলক বিদেশীমুক্ত অসম বিচাৰি তথা বিদেশী সমস্যা সমাধানৰ বাবে ভোট দি শাসনৰ গাদীত বহুৱাইছিল।অথচ সেই চৰকাৰ খনেও আজি বিদেশীৰ স্থিতিত পক্ষ লৈ অসমৰ প্ৰকৃত সমস্যাক পিঠি দিছে। যি বোৰ ইছু লৈ আজি উপমণ্যু হাজৰিকাই নিৰ্বাচন খেলিব ওলাইছে সেইবোৰ ইচ্চ্যু লৈ কোনো দলৰ পৰা নিৰ্বাচন খেলিব নোৱাৰে বাবেই তেওঁ কোনো ৰাজনৈতিক দলত যোগ নিদি নিৰ্দলীয় হিচাবেই সংসদত অসমৰ জলন্ত সমস্যা সমুহক উথ্থাপন কৰাৰ বাবে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হোৱা বুলি কয়। আনহাতে
যি কেইটা ইচ্ছ্যু লৈ ২০১৪ আৰু ২০১৬ ত মিত্ৰজোঁটৰ চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰিলে, সেই একেই কেইটা ইচ্ছ্যু লৈ লোক সভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিৱক্তা উপমণ্যু হাজৰিকা৷ কাৰণ সেই ইচ্চ্যু সমূহ তেওঁলোকে পালন নকৰিলে, বৰঞ্চ বিপৰীত স্থিতি গ্ৰহণ কৰিলে ৷সেয়ে আমি খিলঞ্জীয়াৰ অধিকাৰ আৰু খিলঞ্জীয়াৰ স্বাৰ্থত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছো ৷এই বুলি নিৰ্দলীয় প্ৰাৰ্থী উপমন্য হাজৰিকাই কয় ৷
৭নং গুৱাহাটী লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰু দুধনৈ অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় তেওঁ ৷ হাজৰিকাই নিৰ্বাচনত তেখেতৰ যুঁজ কংগ্ৰেছৰ লগতহে হ’ব বিজেপিৰ লগত নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

Related Articles

Leave a Reply

Close