Uncategorizedবিনোদনসাহিত্য

দেওবাৰ

পপীয়া তৰা হৈ পৰে দেওবাৰৰ আবেলি পৰৰ সাধুকথাবোৰ। কাৰোবাৰ প্ৰিয়তাবোৰ দেওবাৰৰ বুকুত জিলিকি উঠে, কোনোৱে নষ্টালজিক সপোনবোৰত হেৰাই পৰে বিশেষত কৰ্মব্যস্ত দিনৰ ভাগৰুৱা সময়বোৰ। সৰু হৈ থাকোতে দেওবাৰ বোৰ গছৰ পাতেৰে পাচলি বনোৱা ৰঙা মাটিৰে ভাত ৰান্ধি বালিত ঘৰ ঘৰ খেলি মাৰ এচাৰিৰ কোবেহে দিছিল দেওবাৰৰ প্ৰিয়তাবোৰ। এতিয়াৰ দেওবাৰ, যদি কেতিয়াবা আঘোনৰ দুপৰীয়া আকৌ কেতিয়াবা ফাগুনৰ সন্ধিয়া। আমিবোৰ ডাঙৰ হলো, যদি এবাৰ আকৌ সৰু হৈ চাব পাৰিলোহেতেন মই কিন্তু ৰঙামাটি সিজাই গাখীৰ চাহ বনালোহেতেন। নাৰিকলৰ কেকোৰাত দুপৰীয়াৰ সাজ বন ঢেকীয়াৰে বনালোহেতেন। ৰদত কলা হোৱা বুলি মায়ে চোচৰাই গা ধুবলৈ নিনিয়া পৰ্যন্ত আপোনপাহৰা হৈ থাকিলেহেতেন।

টিং টং
মেদাম আপোনাৰ Swiggy অৰ্ডাৰ।
এয়াই দেওবাৰ হেৰুৱা দেওবাৰ।

Related Articles

Leave a Reply

Close