অসম

দৰঙত প্ৰিজাইডিং বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ৷

দলগাঁওৰ পাৰা,ৰফিক তালুকদাৰ প্ৰথম খবৰ,১৫ মাৰ্চ:সমাগত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন৷সকলো বিষয়া কৰ্মচাৰীয়ে নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে যাবতীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে প্ৰশাসনে৷শুকুৰবাৰে মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় প্ৰিজাইডিং বিষয়া সকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ৷এই প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰি দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসে সকলো নিৰ্বাচনী বিষয়াকে শুভেচ্ছা জ্ঞাপন কৰে আৰু দেশৰ স্বাৰ্থত নিকা আৰু স্বচ্ছ নিৰ্বাচন সম্পন্ন কৰাৰ বাবে সকলোকে আহবান জনায়৷উল্লেখযোগ্য যে,জিলাখনৰ মুঠ ১০৬৫ টা ভোটকেন্দ্ৰত ভোটগ্ৰহন কাৰ্য সম্পন্ন কৰাৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসুচীত ১৩৩৩ জন প্ৰিজাইডিং বিষয়াই অংশগ্ৰহণ কৰে৷ইতিমধ্যে এইবাৰ লোকসভা নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ লোৱা ভি ভি পেট মেচিনৰ লগতে ই ভি এমৰ প্ৰয়োগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈও বিভিন্ন ব্যৱস্থা গ্ৰহন কৰিছে দৰং জিলা প্ৰশাসনে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close