অসম

নগাঁৱৰ কাছমাৰীৰ পৰা সন্ধানহীন উদালীৰ ব্যক্তি

প্ৰথম খৱৰ,জাজৰি::: নগাঁও জিলাৰ কাছমাৰীৰ পৰা বিগত চাৰিদিনে উদালী অঞ্চলৰ এজন লোক সন্ধানহীন হৈ থকা ঘটনাই লোকজনৰ পৰিয়ালবৰ্গক চিন্তিত কৰি তুলিছে। প্ৰাপ্ত তথ্যমতে, কাছমাৰী নিৱাসী দেৱেন নাথৰ ঘৰলৈ কিছুদিন পূৰ্বে ৭ নং উদালীৰ বিশ্ব নাথৰ পুত্ৰ মনেশ্বৰ নাথ অাহিছিল।৪৮ বছৰীয়া ব্যক্তিগৰাকীয়ে যোৱা বুধবাৰে কাছমাৰীৰ পৰা উদালীৰ ঘৰলৈ বুলি যাত্ৰা কৰে যদিও অাজি পৰ্যন্ত ঘৰ গৈ পোৱা নাই বুলি জানিবলৈ দিছে লোকজনৰ পৰিয়ালে। ইতিমধ্যে, এই ঘটনা সন্দৰ্ভত নগাঁও সদৰ অাৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

Related Articles

Leave a Reply

Close