অসম

নলবাৰীত ‘নতুন কুৰুক্ষেত্ৰ’ উন্মোচন

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী,১৭ মাৰ্চ: নলবাৰীৰ নিষ্ঠা প্ৰকাশন নামৰ গোষ্ঠীটোৱে প্ৰকাশ কৰা ‘নতুন কুৰুক্ষেত্ৰ’ নামৰ সাপ্তাহিক কাকতখনৰ প্ৰস্তাবনা সংখ্যা আজি উন্মোচন কৰা হয়। এই উপলক্ষে নলবাৰীৰ নন্দেশ্বৰ শইকীয়া সভাগৃহত জ্যেষ্ঠ সাংবাদিক তথা নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কাকতখনৰ প্ৰস্তাবনা সংখ্যাটো উন্মোচন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে। উন্মোচনী ভাষণ প্ৰসংগত দেৱচৌধুৰীয়ে কাকতখনৰ শ্ৰীবৃদ্ধি কামনা কৰি কয় যে বাতৰি কাকতক বহু মানুহে ধৰ্মগ্ৰন্থতকৈ বেছি শ্ৰদ্ধা কৰে। এনে ক্ষেত্ৰত কাকতৰ লগত জৰিত প্ৰতিগৰাকী ব্যক্তিয়ে সাৱধানতাৰে দায়িত্ব পালন কৰা উচিত। জেছিকা ৰাজৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা আৰু নৱৰত্ন পাটোৱাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট সমাজকৰ্মী গণেশ তামুলী, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰেও শুভেচ্ছামূলক ভাষণ দিয়ে। জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মাই বন্তি প্ৰজ্বলন কৰা এই অনুষ্ঠানতে নিষ্ঠা প্ৰকাশনে প্ৰকাশ কৰা কথা কাব্য নামৰ সাহিত্য বিষয়ক আলোচনীখন উন্মোচন কৰে বিশিষ্ট কবি কাবেৰী কছাৰীয়ে। সভাপতিৰ আসনৰ পৰা কমলেশ শৰ্মাই নতুন কুৰুক্ষেত্ৰ কাকতখন ধৰ্মক্ষেত্ৰসদৃশ হওক বুলি কামনা কৰি এই সাপ্তাহিকখন নলবাৰীৰ অন্যতম চিনাকি হ’ব বুলিও আশা কৰে। কাকতখনৰ সম্পাদকৰ দায়িত্বত থকা হিতেশ ডেকাই অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত ইমানবোৰ কাকত-আলোচনীৰ মাজত নতুন কুৰুক্ষেত্ৰ আৰু কিয় উলিয়াবলগীয়া হ’ল,সেই বিষয়ে উল্লেখ কৰে।

Related Articles

Leave a Reply

Close