অসম

নলবাৰীত পৃথক পৃথক দুৰ্ঘটনা শিশু সহ ২৬ গৰাকী আহত

প্ৰথম খবৰ, নলবাৰী,১৫ মাৰ্চ

আজি বিয়লি নলবাৰীত সংঘটিত হল তিনিটাকৈ পথ দুৰ্ঘটনা । নলবাৰীৰ জাজিয়াবাৰীত এখন দ্ৰুত বেগী ট্ৰেভেলাৰে মহতীয়ালে চাইকেল আৰোহীক । এই দুৰ্ঘটনাত দুজনকৈ চাইকেল আৰোহী গুৰুতৰভাবে আহত হয় । একে সময়তে নলবাৰীৰ সন্ধাত সংঘটিত হয় আন এটা দুৰ্ঘটনা । গুৱাহাটীৰ পৰা নলবাৰীলৈ বিবাহ অনুষ্ঠানলৈ অহা AS 01 8c 5177 নম্বৰৰ মেজিকত খুন্দা মাৰে দ্ৰুত বেগী বাছে ।বাছ খনৰ নম্বৰ হল AS 14 C 5507 । বাছৰ খুন্দাত মেজিক খাৱৈত সোমাই পৰে । এই দুৰ্ঘটনাত শিশু সহ ষোল্ল জন লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় । সমান্তৰালকৈ নলবাৰীৰ পাইকাৰকুছিত এখন ট্ৰাকে খুন্দা মাৰে যাত্ৰীবাহী টেম্পোত । টেম্পোৰ নম্বৰ হল AS 14 C 2763 ।ট্ৰাকৰ খুন্দাত টেম্পোখন খাৱৈত বাগৰি পৰাত টেম্পো আৰোহী সাত গৰাকী লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত আটাইকেইজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

Related Articles

Leave a Reply

Close