অসম

নলবাৰীত পৃথক পৃথক দুৰ্ঘটনা, শিশু সহ ২৬ গৰাকী আহত

প্ৰথম খবৰ, নলবাৰী: আজি বিয়লি নলবাৰীত সংঘটিত হল তিনিটাকৈ পথ দুৰ্ঘটনা। নলবাৰীৰ জাজিয়াবাৰীত এখন দ্ৰুত বেগী ট্ৰেভেলাৰে মহতীয়ালে চাইকেল আৰোহীক। এই দুৰ্ঘটনাত দুজনকৈ চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। একে সময়তে নলবাৰীৰ সন্ধাত সংঘটিত হয় আন এটা দুৰ্ঘটনা।

গুৱাহাটীৰ পৰা নলবাৰীলৈ বিবাহ অনুষ্ঠানলৈ অহা AS 01 8c 5177 নম্বৰৰ মেজিকত খুন্দা মাৰে দ্ৰুত বেগী বাছে ।বাছ খনৰ নম্বৰ হল AS 14 C 5507। বাছৰ খুন্দাত মেজিক খাৱৈত সোমাই পৰে। এই দুৰ্ঘটনাত শিশু সহ ষোল্ল জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

সমান্তৰালকৈ নলবাৰীৰ পাইকাৰকুছিত এখন ট্ৰাকে খুন্দা মাৰে যাত্ৰীবাহী টেম্পোত। টেম্পোৰ নম্বৰ হ’ল AS 14 C 2763।

ট্ৰাকৰ খুন্দাত টেম্পোখন খাৱৈত বাগৰি পৰাত টেম্পো আৰোহী সাতগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আটাইকেইজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Related Articles

Leave a Reply

Close