অসম

নলবাৰীৰ টুকুৰা খবৰ

*নলবাৰীত সংস্কাৰ ছোচাইটিৰ উদ্যোগত চিত্ৰাঙ্কণ প্ৰতিযোগিতা*

প্ৰাঞ্জল শৰ্মা , প্ৰথম খবৰ নলবাৰীঃ-নলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান সংস্কাৰ ছোচাইটিৰ উদ্যোগত আজি কটৰা হাইস্কুল প্ৰাংগণত এখন চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।উল্লেখযোগ্য যে অঞ্চলটোৰ কেইজনমান শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নলবাৰী অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ইতিমধ্যে কুহিয়াঁৰৰ খেতি,কলগছৰ খেতি,অমিতাৰ বাগান,ৰঙা লাউৰ খেতি কৰি নিবনুৱা সকলক আশাৰ ৰেঙনি দেখুৱাবলৈ সক্ষম হৈছে।ইয়াৰ উপৰিও শিশু সকলৰ বৌদ্ধিক,মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখিয়ে শেহতীয়া ভাৱে সংস্কাৰ ছোচাইটিটোৱে “কলাগুৰু নৃত্য কলাকেন্দ্ৰ” নামেৰে এখন সাংস্কৃতিক স্কুলৰো জন্ম দিছে।আজি বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে তন্ময় দাস,ভূপালী কলিতা আৰু মিচ মুন্নী চুলতানাই।নিচুকণী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় নিশান্ত গোস্বামী আৰু ভাস্বতী দাসে।ইয়াৰ পিছতে প্ৰণৱ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাখনৰ আতধৰে সংস্কাৰ ছোচাইটিৰ সম্পাদক ৰাতুল কলিতাই।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৱ নাম বৰভাগ আঞ্চলিক সমিতি গঠন

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ , নলবাৰী ২৪ মাৰ্চ : –
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি নলবাৰী চহৰৰ সমীপবৰ্ত্তী সুৰাদিত পৰিষদৰ এখন নতুন আঞ্চলিক সমিতি গঠন কৰা হয়।প্ৰায় পোন্ধৰ দিন পূৰ্বে গঠন হোৱা নতুন জিলা সমিতি খনে সংগঠনটোৰ সাংগঠনিক দিশটো আৰু অধিক শক্তিশালী কৰাৰ বাবে এনেধৰণৰ নতুন কাৰ্যপন্থা হাতত লোৱা বুলি জনায় নৱ নিৰ্বাচিত সাধাৰন সম্পাদক নিৰোদ দাসে ৷ প্ৰায় দুকুৰি সদস্যই অংশগ্ৰহণ কৰা পূৱ নামবৰভাগ ৰাজহুৱা সভাঘৰত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে নৱ নিৰ্বাচিত সভাপতি মনোৰাম কলিতাই ৷ সভাত অঞ্চলটোৰ যুৱ সমাজ সংগঠক দিপুল বৈশ্য, মানিক বৰ্মন, পৰেশ চন্দ্ৰ দাস, নগেন্দ্ৰ নাথ দাসৰ উপৰিও বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বৰ্তমান সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তাৎপৰ্য সম্পৰ্কে বহলাই বাখ্যা কৰাৰ লগতে বৰ্তমান সময়ত যুৱ-ছাত্ৰ পৰিষদে উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰা বুলি নিজ নিজ বক্তব্যত দোহাৰে ৷ ইয়াৰ উপৰিও সভাখনত নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰীয়ে পৰিষদৰ দাবী আৰু লক্ষ্যৰ ওপৰত বক্তব্য ৰাখে।সভাখনত পৰিষদৰ জিলা সমিতিৰ উপদেষ্টা নগেন শালৈ, যুটীয়া সম্পাদক প্ৰণৱজ্যোতি কলিতা, জিলাৰ কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য কুমাৰ ভট্টাচাৰ্যও উপস্থিত থাকে ৷ উক্ত সভাখনতে দিপুল বৈশ্য, মানিক বৰ্মন, পৰেশ চন্দ্ৰ দাস, নগেন্দ্ৰ নাথ বৰ্মনক উপদেষ্টা , প্ৰহ্লাদ দাসক সভাপতি আৰু মনোজ বৰ্মনক সম্পাদক হিচাপে দায়িত্ব দি এখন নতুন আঞ্চলিক সমিতি গঠন কৰা হয় ৷

Related Articles

Leave a Reply

Close