অসমৰাজ্যৰ খবৰ

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা সভা

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ ,নলবাৰী ২৯ মাৰ্চঃ-নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান সংস্কাৰ ছ’চাইটিৰ সহযোগত আজি চেংনৈ গাঁওৰ জামতোলাত ভোটাৰ সজাগতা সভাৰ আয়োজন কৰা হয়।উক্ত ভোটাৰ সজাগতা সভাখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি নলবাৰী ৰাজহ চক্ৰ বিষয়া বনশ্ৰী ডেকাই ৰাইজক ভোটিং মেচিনৰ সহায়ত কেনেকৈ শুদ্ধ ভাৱে ভোটদান কৰিব পাৰে,তাৰ বিষয়ে বিস্তৃতভাবে ভাষণ আগবঢ়ায়।উল্লেখযোগ্য যে স্বেচ্ছাসেৱী অনুষ্ঠান সংস্কাৰ ছ’চাইটিৰ সভাপতি প্ৰণৱ কলিতাই আতধৰা উক্ত সজাগতা সভাখনত নিৰ্বাচনৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা কৰুণা কান্ত হালৈয়ে উপস্থিত সকলোকে ভোট কেনেকৈ প্ৰদান কৰিব লাগে তাৰ বিষয়ে প্ৰশিক্ষণ দিয়ে।নলবাৰী জিলা প্ৰশাসনৰ পৰা উক্ত অঞ্চলটোত পোন প্ৰথমবাৰৰ বাবে এনে ভোটাৰ সজাগতা সভা আয়োজন কৰা বাবে সহযোগিতা আগবঢ়োৱা সংস্কাৰ ছ’চাইটিক ৰাইজৰ লগতে প্ৰশাসনে ভূয়সী প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Close