অসমশীৰ্ষ

নিযুক্তি কেলেংকাৰী: ৰাজ্যজুৰি আছুৰ বিক্ষোভ

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী,২০ মাৰ্চ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে পঞ্চায়ত গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগত দুৰ্নীতি তথা স্বজন-তোষনৰ অনিয়মৰে নিযুক্তি প্ৰদান কৰা , দুৰ্নীতি-কেলেংকাৰীৰ পিচতো চৰকাৰখনে নিৰ্বিকাৰ ভূমিকা লোৱাৰ প্ৰতিবাদত আৰু এই প্ৰক্ৰিয়াৰ সময় নিৰ্ধাৰিত ন্যায়িক তদন্তৰে দোষীক শাস্তি প্ৰদান কৰা আৰু নিবনুৱা যুৱক-যুৱতীক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কৰে। কার্যসূচীত ছাত্ৰ সন্থাৰ দুই শতাধিক কৰ্মীয়ে শূণ্য সহনশীলতাৰ কথা কৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত দুৰ্নীতিৰ আশ্ৰয় লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক ,জনসংযোগ আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ তদন্ত কৰক,পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে হায় হায়,তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়,মেধা সম্পন্ন ছাত্র ছাত্ৰীক প্ৰতাৰণা কৰি স্বজন তোষন, অনিয়মেৰে নিযুক্তি দি দুৰ্নীতি কৰা বিজেপি চৰকাৰ গ’ বেক আদি শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে।শেষত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁতধৰা প্ৰতিবাদী সভাত আছুৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য ভবজিৎ বেজবৰুৱা আৰু জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠকে বক্তব্য ৰাখি দাবী উত্থাপন কৰে যে জনসংযোগ আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি অতিশীঘ্ৰে চি বি আই অথবা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত হ’ব লাগে।

Related Articles

Leave a Reply

Close