অসমশীৰ্ষ

নিৰ্বাচনৰ সময়ত হাতত কিমান টকা লৈ ফুৰিব পাৰিব? জানি থওঁক

প্ৰথম খবৰ, গুৱাহাটী: দহ মাৰ্চৰ পৰা নিৰ্বাচনী আচৰণ বিধি বলবৎ হ’ল৷ এতিয়াৰে পৰা নগদ ধন বেছিকৈ লৈ ফুৰিলে বিপদ হ’ব পাৰে আপোনাৰ৷ নিৰ্বাচনী আচৰণ বিধি অনুসৰি, কোনো নাগৰিকে পঞ্চাশ হাজাৰ টকাতকৈ অধিক ধন লগত লৈ ফুৰিব নোৱাৰিব৷ দহ লাখ টকা হাতত লৈ ঘূৰিব লাগিব লাগিলেও সেয়া আয়কৰ বিভাগৰ জ্ঞাতাসাৰেহে কৰিব পাৰিব৷ সোমবাৰে মহানগৰ জিলা উপায়ুক্তই বিশ্বজিত পেগুৱে সদৰী কৰিছে এই কথা৷ আনকি, একোজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত সৰ্বোচ্চ 70 লাখ টকা খৰচ কৰিব পাৰিব বুলিও সেপষ্ট কৰি দিছে জিলা নিৰ্বাচনী বিষয়াজনে৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী পোষ্টাৰ-হৰ্ডিঙত নজৰ ৰাখিব এক বিশেষ স্কোৱাডে৷।চৰকাৰী কাৰ্য্যালয়/বাছ আস্থান/বা চৰকাৰী সম্পত্তিত থকা দল বা চৰকাৰী আঁচনিৰ বিজ্ঞাপনো আঁতৰাব লাগিব।

Related Articles

Leave a Reply

Close