অসমবিনোদনশীৰ্ষ

পুলৱমা-অভিনন্দনক লৈ বলিউদত নতুন ছবি নিৰ্মাণৰ জোৱাৰ

প্ৰথম খবৰ বিনোদনঃ
দেশপ্ৰেমৰ ছবি মানেই ভাৰতীয় দৰ্শকৰ আৱেগ। সেই আৱেগৰ বাবেই বক্স অফিচত ছুপাৰহিট হয় দেশপ্ৰেমৰ ছবি। উৰি- দ্য ছাৰ্জিকেল ষ্ট্ৰাইকৰ বক্স অফিচৰ কালেকশ্যন আছিল ২০০ কোটিৰো অধিক। এইবাৰ পুলৱমাত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈও ছবি নিৰ্মাণ হ’লেও যে দৰ্শকে আদৰি ল’ব সেই বিশ্বাসতে এতিয়া বলিউদত পুলৱমাক লৈ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছো দহজনৰো অধিক নিৰ্মাতা। ইণ্ডিয়ান মোশ্বন পিকচাৰ প্ৰডিউচাৰ্চ এছ’চিয়েশ্যন (IMPPA)ৰ ওচৰত ছবিৰ নাম পঞ্জীয়ন কৰিবলৈ প্ৰযোজকৰ ভিৰ পৰিলক্ষিত হৈছে। ইতিমধ্যে ছয়টাকৈ প্ৰযোজনা সংস্থাই নাম পঞ্জীয়নৰ বাবে আবেদন কৰাৰ বিপৰীতে ছবিৰ সাম্ভাব্য নামবোৰ হৈছে- Pulowama-the terror Attack, Surgical Strike 2.0, Balakot, War Room, The Attack of Pulowama, ATS- One Man Show, Puluwama Terror Attack, Hindustan Hamara Hain আদি। মূলতঃ ভাৰত-পাক যুদ্ধকালীন পৰিৱেশক লৈ ছবি নিৰ্মাণৰ বাবেই এতিয়া ইচ্ছুক হৈ পৰিছে বলিউদৰ বহু প্ৰতিষ্ঠিত পৰিচালক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close