অসমৰাজ্যৰ খবৰ

প্ৰতিদিনে পাঁচহাজাৰ লোকৰ মৃত্যুৰ কাৰণ!

জীৱনক আদৰি লওঁক অনুষ্ঠঠান

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ , নলবাৰী,২৯ মাৰ্চ: ভাৰতত ৪২ কোটি লোকে ধপাত সেৱন কৰে আৰু ধপাত সেৱনৰ ফলত সৃষ্ট বিভিন্ন ৰোগত দেশখনত প্ৰতিদিনে ৫ হেজাৰগৰাকী লোকৰ অকাল মৃত্যু হয়। আজি এই তথ্য প্ৰকাশ কৰে নলবাৰী জিলাৰ ধপাত নিয়ন্ত্ৰণ আঁচনি বিষয়া ডাঃ কৈলাস ডেকাই। আজি বিয়লি নলবাৰী আমছা ভৱনত জিলা স্বাস্থ্য সমিতি আৰু ধপাত নিয়ন্ত্ৰণ কক্ষৰ উদ্যোগত ধপাত সেৱন আৰু ধূমপানৰ কুফল সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা তথা ধপাত বিৰোধী আইন চি অ’ টি পি এ ২০০৩ কাৰ্যকৰী কৰাৰ দাবীত ‘ জীৱনক আদৰক,ধপাতক নহয়’ শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হয়। ডাঃ কৈলাস ডেকাই আঁত ধৰা অনুষ্ঠানত নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চিত্তৰঞ্জন পাঠক,ডাঃ কামেশ্বৰ লহকৰ,ডাঃ নলিনীকান্ত বৰ্মন আৰু ডাঃ সুৰেন মজুমদাৰে মূল বিষয়ত আলোকপাত কৰি ভাষণ দিয়ে। তেওঁলোকে ধপাতৰ অপকাৰিতা আৰু ক্ষতিকাৰক দিশৰ বিষয়ে সকলো শ্ৰেণীৰ লোককে সজাগ কৰাৰ লগতে ধপাত বিৰোধী আইন কঠোৰভাবে বলবৎ কৰাৰ পোষকতা কৰে। ইতিমধ্যে নলবাৰী জিলাত চল্লিশখন চৰকাৰী বেচৰকাৰী বিদ্যালয়ত এই ক্ষেত্ৰত সজাগতা সভা অনুষ্ঠিত কৰা বুলিও প্ৰকাশ কৰে। ইপিনে প্ৰথম পদক্ষেপ হিচাপে নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনক ধপাতমুক্ত অঞ্চল হিচাপে গঢ়ি তুলিবলৈ আলোচনাচক্ৰত সিদ্ধান্ত লোৱা হয়।

Related Articles

Leave a Reply

Close