অসমশীৰ্ষ

প্ৰশাসনে ৰাজহুৱা স্থানৰ পৰা আতঁৰালে শতাধিক বেনাৰ-পোষ্টাৰ

প্ৰথম খবৰ
ৰঙিয়া, ১২ মাৰ্চ : আগন্তুক সপ্তদশ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ বিধান সভা সমষ্টিৰ লগতে গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলবৎ কৰিছে ৰঙিয়া জিলা নিৰ্বাচন বিভাগে । আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ বৰদলৈৰ নিৰ্দেশত বিভিন্ন চৰকাৰী কাৰ্য্যালয়-প্ৰতিষ্ঠান, চৰকাৰী সম্পত্তি তথা ৰাজহুৱা স্থানত থকা ৰাজনৈতিক হ’ৰ্ডিং, বেনাৰ, পোষ্টাৰ আৰু দেৱাল লিখন আঁতৰোৱাৰ বাবে জোৰদাৰ অভিযান আৰম্ভ কৰিছে ৰঙিয়া জিলা নিৰ্বাচনী আদৰ্শ আচৰণ বিধি কোষে । কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডা: বেদাংগ তালুকদাৰ আৰু ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱাৰ নেতৃত্বত আচৰণ বিধি কোষৰ কেইবাটাও দলে ভাগে ভাগে গৈ বিভিন্ন চৰকাৰী কাৰ্যালয়- প্ৰতিষ্ঠানৰ চৌহদ, বৈদ্যুতিক খুটা আদিত থকা বিভিন্ন ৰাজনৈতিক শ্ল’গান তথা দেৱাল লিখন আদি মচি পেলায় । পুৱা ১০ বজাৰ পৰা বিয়লি ৬ বজালৈ চলা এই অভিযান কালত কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালমাৰা, বেজেৰা, খেহেঁনীপাৰা, আলিপূব, বাইহাটা চাৰিআলিৰ লগতে ৰঙিয়া চহৰৰ বিভিন্ন প্ৰান্তত থকা শতাধিক হ’ৰ্ডিং, বেনাৰ -পোষ্টাৰ আদি আঁতৰোৱাৰ ওপৰিও দেৱাল লিখন সমূহ মচি পেলোৱাৰ ব্যৱস্থা কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close