অসমশীৰ্ষ

প্ৰষ্ঠানবিৰোধী ঢৌ: নতুন মুখক অগ্ৰাধিকাৰ বিজেপিৰ, পাঁচ সাংসদে নাপাব প্ৰাৰ্থিত্ব

প্ৰথম খবৰ ব্যুৰ’:
লোক সভা নিৰ্বাচনক লৈ ব্যাপক ৰণকৌশল যুগুত কৰিছে বিজেপি দলে৷ ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিৰ দহটা সমষ্টি দখলৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা গেৰুৱা দলটোৱে আনকি বহুকেইটা সমষ্টিত নতুন মুখৰ আমদানি কৰি হ’লেও ৰণ জয়ৰ অংক কৰিছে৷ বিজেপিৰ কেইবাজনো সাংসদৰ বিৰুদ্ধে বিশেষ কোনো দুৰ্নীতি বা বিতৰ্কিত অভিযোগ নথকাৰ পিছতো দলৰ উৰ্ধতন মহলে প্ৰাৰ্থী সলনিৰে চমক দিয়াৰ চেষ্টা চলোৱাৰ অংক কৰিছে৷ সামগ্ৰিকভাৱে দুৰ্নীতিৰ অভিযোগ নথকা যোৰহাটৰ কামাখ্যা প্ৰসাদ তাছা, ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী, তেজপুৰৰ আৰপি শৰ্মা, মঙলদৈৰ ৰমেন ডেকাৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও আছে অনিশ্চয়তা৷ প্ৰাৰ্থিত্বক লৈ অনিশ্চয়তা আছে বিতৰ্কিত অভিযোগক লৈ চৰ্চিত ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰো? তদুপৰি, অগপৰ সৈতে মিত্ৰতাৰ অংকৰ মাজতো এইসকল প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব চুড়ান্ত কৰা নাই দলে৷ যদি অগপৰে মিত্ৰতা হয়, তেন্তে, তেজপুৰ, মঙলদৈ, নগাঁও অগপক এৰি দিলে প্ৰাৰ্থিত্ব নাপাব আৰপি শৰ্মা, ৰমেন ডেকা আৰু ৰাজেন গোঁহাইয়ে৷ আনপিনে, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক যোৰহাটৰ পৰিৱৰ্তে ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব দিয়াৰো সম্ভাৱনা নথকা নহয়৷ গুৱাহাটী লোকসভা সমষ্টিত বিজয়া চক্ৰৱৰ্তীৰ সলনি অন্য প্ৰাৰ্থী হ’লে মহিলাৰ বাবে সংৰক্ষিত হ’ব পাৰে যোৰহাটৰ আসনখন৷ সুৰভি ৰাজকুমাৰীৰ দৰে প্ৰাৰ্থীৰ নাম সন্মুখলৈ আহিলে আচৰিত হ’বলগীয়া নাথাকিব৷ অৱশ্যে, নতুন মুখ হিচাপে, স্বয়ং মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, জয়ন্তমল্ল বৰুৱা, জিতু গোস্বামী, ৰূপক শৰ্মা, প্ৰশান্ত ফুকনৰ দৰে প্ৰাৰ্থীও অৱতীৰ্ণ হ’ব পাৰে বিজেপিৰ লোকসভাৰ প্ৰাৰ্থীৰূপে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close