অসমশীৰ্ষ

প্ৰাণ প্ৰাচুৰ্যৰে হোলী উদযাপন সৰ্বত্ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যবাসী আজি বুৰ গ’ল হোলীৰ আনন্দত। ৰঙৰ প্ৰাচুৰ্যৰ ভিৰত হেৰাই যোৱা জনতাই আশা কৰিলে প্ৰতিটো দিনেই যেন এনেদৰেই আনন্দময় হৈ পৰে। জীৱনক প্ৰাণ প্ৰাচুৰ্যৰে ভৰাই তোলা এই উছৱে জীৱনৰ মাজত বিচাৰে জীৱন, প্ৰাণৰ মাজত বিচাৰে প্ৰাণপ্ৰাচুৰ্য।

প্ৰতিবছৰে ফাগুণ মাহৰ পূৰ্ণিমাত উদযাপন কৰা ৰঙৰ উৎসৱ৷ শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়৷ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷

হোলীৰ সৈতে আন বিভিন্ন জনশ্ৰুতি জড়িত হৈ আছে। সেই জনশ্ৰুতিবোৰকে অৱলম্বন হিচাপে লৈ সৰ্বসাধাৰণ জনতাই হোলী উছৱ পালন কৰে। অসমতো হোলীয়ে বিশেষভাৱে প্ৰাধান্য পায়।

ফটোঃ ডেইজী চেতীয়া

Related Articles

Leave a Reply

Close