অসম

পৰাগজ্যোতি মহন্তলৈ কাব্যশিল্প বঁটা

চিত্তকমল বেজবৰা, তিতাবৰ: বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৰাগজ্যোতি মহন্তলৈ এইবাৰ কৃষ্ণকান্ত বৰা সোঁৱৰণি কাব্যশিল্প বঁটা ঘোষণা কৰিছে তিনিচুকীয়া জিলা কবি সন্মিলনৰ অন্তৰ্গত লিডু শাখা কবি সন্মিলনে।তিনিচুকীয়া জিলা কবি সন্মিলনৰ অন্তৰ্গত লিডু শাখা কবি সন্মিলনে ২০১২ বর্ষৰ পৰাই ধাৰাবাহিক অনুষ্ঠিত কৰি অহা গীত-কথা আৰু কবিতাৰ এদিনৰ লগত সংগতি ৰাখি ঘোষণা কৰি অহা বঁটা প্ৰদান অনুষ্ঠানৰ অংশস্বৰূপে মহন্তলৈ এই বঁটা ঘোষণা কৰিছে। মহন্তৰ হুৰ হুৰ বতাহ চৰাই শীৰ্ষক কাব্য গ্ৰন্থ খনৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে। বঁটা ঘোষণা কৰাৰ লগে লগে তিতাবৰৰ বিভিন্ন দল সংগঠনে কবি গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ইফালে বিশিষ্ট কবি জ্যোতিনীলিমা গগৈক ভূপেন্দ্ৰ চন্দ্ৰ নেওগ সোঁৱৰণি শব্দশিল্প বঁটাৰ বাবে অনুষ্ঠানটোৱে নিৰ্বাচিত কৰিছে। অহা ২৪ মাৰ্চত মাঘেৰিটা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হব বুলি লিডু শাখাৰ সম্পাদক দেৱজিত বৰাই জানিবলৈ দিছে। সদৌ অসম কবি সন্মিলনৰ সভাপতি নিলকান্ত শইকীয়া, প্ৰাক্তন সভাপতি প্ৰেম গগৈ, জুলিয়ানা বেগমে অংশগ্ৰহণ কৰিব লগা অনুষ্ঠানটি বিশিষ্ট ব্যংগ সাহিত্যিক পূণ্য শইকীয়াই সঞ্চালনা কৰাৰ কথা। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি জুপিতৰা নামৰ এখন কাব্যলোচনী প্ৰকাশৰো দিহা কৰা হৈছে উদ্যোক্তা সকলে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close